শনিবাৰে অৰ্থাৎ ২১ ডিচেম্বৰত মধ্যপ্ৰাচ্যৰ দেশ কুৱেইটলৈ দুদিনীয়া ভ্ৰমণৰ বাবে ৰাওনা হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। চাৰি দশকৰ পাছত হব এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী উপসাগৰীয় দেশ ভ্ৰমণ।
ভাৰত আৰু কুৱেইটৰ বহুমাত্ৰিক সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণ হাতত লৈছে।
দুদিনীয়া ভ্ৰমণৰ সময়ত কুৱেইটৰ শীৰ্ষ নেতৃত্বৰ সৈতে কথা পাতিব প্ৰধানমন্ত্ৰী মোদীয়ে। ভাৰতীয় ব্লু কলাৰ শ্ৰমিকক আৱাস দিয়া এটা শ্ৰম শিবিৰ পৰিদৰ্শন কৰি ভাৰতীয় সামূহিক অনুষ্ঠানত ভাষণ দিয়াৰ লগতে গালফ কাপ ফুটবল প্ৰতিযোগিতাৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
কুৱেইটৰ ৰজা (আমিৰ) শ্বেইখ মেছাল আল আহমদ আল জাবেৰ আল ছাবাহৰ আমন্ত্ৰণত দেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। আমিৰক সাক্ষাৎ কৰাৰ উপৰিও কুৱেইটৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰীৰ সৈতেও কথা পাতিব। এই বৈঠকসমূহে বাণিজ্য, বিনিয়োগ, শক্তি, সংস্কৃতি আৰু জনসাধাৰণৰ যোগাযোগৰ দৰে ক্ষেত্ৰত দুয়োপক্ষৰ সম্পৰ্ক সুদৃঢ় কৰাত সহায় কৰিব।
শক্তি আৰু বাণিজ্যৰ দৰে ক্ষেত্ৰত ভাৰত আৰু কুৱেইটৰ সম্পৰ্ক অতি শক্তিশালী যদিও ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে শেষবাৰৰ বাবে কুৱেইট ভ্ৰমণ কৰিছিল ৪৩ বছৰ পূৰ্বে ১৯৮১ চনত। তেতিয়াৰ উপ-ৰাষ্ট্ৰপতি হামিদ আনছাৰীয়ে ২০০৯ চনত পশ্চিম এছিয়াৰ দেশখন ভ্ৰমণ কৰিছিল।
শুকুৰবাৰে বৈদেশিক মন্ত্ৰালয়ে কয় যে, কুৱেইটৰ সৈতে দ্বিপাক্ষিক বিনিয়োগ চুক্তি আৰু প্ৰতিৰক্ষা সহযোগিতা চুক্তিৰ ওপৰত আলোচনা চলি আছে। মন্ত্ৰালয়ৰ সচিব (বিদেশ ভাৰতীয় পৰিক্ৰমা) অৰুণ কুমাৰ চেটাৰ্জীয়ে কয় যে, প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ সময়ত কিছু দ্বিপাক্ষিক চুক্তি চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে। অৰুণ কুমাৰ চেটাৰ্জীয়ে কয়, এই ভ্ৰমণে ভাৰত-কুৱেইট সম্পৰ্কত এক নতুন অধ্যায় মুকলি কৰাৰ সম্ভাৱনা আছে। ইয়াৰ দ্বাৰা প্ৰতিৰক্ষা আৰু বাণিজ্যৰ ক্ষেত্ৰতো সহযোগিতা বৃদ্ধি পাব বুলিও তেওঁ উল্লেখ কৰে।
অৰুণ কুমাৰ চেটাৰ্জীয়ে কয় যে, প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজত বৰ্তমানৰ অংশীদাৰিত্বক শক্তিশালী কৰাই নহয়, ভৱিষ্যতৰ সহযোগিতাৰ বাবে নতুন পথ মুকলি কৰিব, আমাৰ ভাগ-বতৰা কৰা মূল্যবোধক শক্তিশালী কৰিব আৰু ভৱিষ্যতৰ বাবে এক শক্তিশালী অংশীদাৰিত্ব গঢ়ি তুলিব।