‘অপাৰেশ্যন সেন্দূৰ’ক লৈ লোকসভাত চলি থকা বিতৰ্ক সন্দৰ্ভত ভাষণ প্ৰদান কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰা দেখা যায়। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি সিদ্ধান্ত অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিলোঁ। এয়া প্ৰযুক্তিগত যুদ্ধৰ যুগ। অপাৰেশ্যন সেন্দূৰৰ সময়ত আমাৰ মেড ইন ইণ্ডিয়া মিছাইল আৰু প্ৰযুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
তেওঁ উদাত্ত কণ্ঠেৰে কয়, ‘আমাৰ তিনিওটা সেনাই পাকিস্তানক ধূলিসাৎ কৰিছে। এইটো আমাৰ নতুন ফৰ্মূলা, যদি ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ হয়, তেন্তে ভাৰত আগবাঢ়ি আহি যোগ্য প্ৰত্যুত্তৰ প্ৰদান কৰিব। আক্ৰমণৰ পিছত এতিয়া সন্ত্ৰাসবাদৰ মুৰব্বীসকলৰ টোপনি হৰণ হৈছে। যদি ভাৰতৰ ওপৰত আক্ৰমণ হয় তেন্তে আমি নিজৰ চৰ্তত নিজৰ ধৰণেৰে প্ৰত্যুত্তৰ দিম।’
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘অপাৰেশ্যন সেন্দূৰৰ পিছত বৈদেশিক নীতি আৰু বিদেশী ৰাষ্ট্ৰৰ সমৰ্থনৰ বিষয়ে বহু কথা কোৱা হৈছে। বিশ্বৰ কোনো দেশেই ভাৰতক নিজৰ নিৰাপত্তাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাত বাধা দিয়া নাই। ৰাষ্ট্ৰসংঘৰ ১৯৩খন দেশৰ ভিতৰত মাত্ৰ তিনিখনহে পাকিস্তানৰ সমৰ্থনত বিবৃতি দিছিল। Quad, BRICS, যিকোনো দেশ, ভাৰতে সমগ্ৰ বিশ্বৰ পৰা সমৰ্থন লাভ কৰিছে।’
মোদীয়ে আৰু কয়, ‘বৈদেশিক নীতিৰ ওপৰত স্পষ্টকৈ কৈছো, আমি বিশ্বৰ সমৰ্থন লাভ কৰিছিলো, কিন্তু দুৰ্ভাগ্যজনকভাৱে মোৰ দেশৰ বীৰসকলৰ শৌৰ্য্যই কংগ্ৰেছৰ সমৰ্থন নাপালে। তেওঁলোকে ভাৰতীয় সশস্ত্ৰ বাহিনীক বিশ্বাস নকৰে। এই কাম কৰি তেওঁলোকে হয়তো শিৰোনাম পাব পাৰে, কিন্তু দেশবাসীৰ হৃদয়ত স্থান দখল কৰিব নোৱাৰে।’
ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ হস্তক্ষেপত যুদ্ধ বন্ধ হোৱা নাই বুলিও স্পষ্টকৈ উল্লেখ কৰে।