তামিলনাডুৰ ৰামেশ্বৰম দ্বীপক ৰে’ল পথেৰে সংযোগ কৰিবলগীয়া পম্বন দলংখন দেওবাৰে উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২.০৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন ভাৰতৰ প্ৰথমখন উলম্ব লিফ্ট দলং।
এই নতুন দলংখন অহা ১০০ বছৰৰ বাবে ঘণ্টাত ৮০ কিলোমিটাৰ বেগত ৰে’ল চলাচলৰ বাবে উপযোগী। প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৯ চনত পম্বন দলঙৰ আধাৰশিলা স্থাপন কৰিছিল। সাগৰৰ ওপৰত নিৰ্মাণ কৰা এই দলংখন মাত্ৰ ৫ বছৰতে সম্পূৰ্ণ হয়।
উল্লেখ্য যে, ২.০৭ কিলোমিটাৰ দৈৰ্ঘ্য, ৭২.২ মিটাৰ বহল এই দলংখন নিৰ্মাণৰ বাবদ খৰছ হৈছে প্ৰায় ৫৩৫ কোটি টকা।
ৰে’লৱেৰ তথ্য আৰু প্ৰচাৰৰ কাৰ্যবাহী সঞ্চালক দিলীপ কুমাৰে কয় যে বিগত ১০ বছৰত দেশে বহু নতুন গতি লাভ কৰিছে। ভাৰতীয় ৰে’লৱেও এই সময়ছোৱাত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। বন্দে ভাৰত, অমৃত ভাৰত আৰু নমো ভাৰত ৰে’লে দেশক এক নতুন বিকশিত মাত্ৰা প্ৰদান কৰিছে। কাশ্মীৰলৈ পোনপটীয়া ৰে’ল সেৱাৰ বাবে চেনাব আৰু আঞ্জি দলং নিৰ্মাণে দেশৰ গৌৰৱ বৃদ্ধি কৰিছে।