ভাৰত ভ্ৰমণলৈ অহা চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীয়ে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। ভাৰত-চীনৰ সম্পৰ্ক উন্নত কৰাৰ সন্দৰ্ভত তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আলোচনাত মিলিত হয়।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ আমন্ত্ৰণত চীন-ভাৰত সীমান্তত ২৪ সংখ্যক বিশেষ প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ বাবে ভাৰতলৈ আহিছে ৱাং য়ী। তেওঁ ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতেও বাৰ্তালাপ কৰিছে।
প্ৰধানমন্ত্ৰী মোদীয়ে এছচিঅ’ শীৰ্ষ সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ বাবে ৰাষ্ট্ৰপতি ছি জিনপিঙক ধন্যবাদ জ্ঞাপন কৰি নিমন্ত্ৰণ স্বীকাৰ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে বিদেশ মন্ত্ৰী ৱাং য়ীক সাক্ষাত কৰি অত্যন্ত সুখী বুলি মন্তব্য কৰি সামাজিক মাধ্যমত লিখিছে, ‘যোৱা বছৰ কাজানত ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে হোৱা বৈঠকৰ পিছত ভাৰত-চীনৰ সম্পৰ্ক উন্নত হৈছে। চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনৰ সময়ত টিয়ানজিনত হ’বলগীয়া আমাৰ পৰৱৰ্তী বৈঠকৰ বাবে মই আগ্ৰহী।’
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ চীনৰ টিয়ানজিনত অনুষ্ঠিত হ’বলগীয়া এছ চি অ’ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব।