অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বিয়োগক লৈ এতিয়াও শোকস্তব্ধ অসমবাসী। প্ৰিয় শিল্পীগৰাকী আমাৰ মাজৰ পৰা আঁতৰি গ’লেও তেওঁৰ সৃষ্টিৰাজি চিৰদিনৰ বাবে অমৰ হৈ থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঠিক এইদৰে প্ৰয়াত জুবিন গাৰ্গৰ বিষয়ে কয় মন কি বাত অনুষ্ঠানত।
অসমত ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপন হৈ থকা সময়তে জুবিন গাৰ্গৰ অকাল বিয়োগত জনসাধাৰণ শোকবিহ্বল হৈ পৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত শিল্পীগৰাকীৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘জুবিন গাৰ্গ এগৰাকী প্ৰখ্যাত গায়ক আছিল যিয়ে সমগ্ৰ দেশতে নিজৰ পৰিচয় গঢ়ি তুলিছিল। অসমৰ সংস্কৃতিৰ সৈতে তেওঁৰ নিবিড় সম্পৰ্ক আছিল। জুবিন গাৰ্গৰ স্মৃতি চিৰদিন আমাৰ মনত সজীৱ হৈ থাকিব আৰু তেওঁৰ সংগীতে আহিবলগীয়া প্ৰজন্মকো মন্ত্রমুগ্ধ কৰি থাকিব।’
‘জুবিন গাৰ্গ আছিল অসমৰ সংস্কৃতিৰ উজ্জ্বল ৰত্ন, জনতাৰ হৃদয়ত তেওঁ সদায় জীয়াই থাকিব’, এই কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
উল্লেখ্য যে, যোৱা ১৯ ছেপ্তেম্বৰত ছিংগাপুৰত ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লৈছিল জুবিন গাৰ্গে। জুবিন গাৰ্গৰ অকাল মৃত্যুত অসমৰ লক্ষ লক্ষ জনতা শোকস্তব্ধ হৈ পৰাৰ লগতে অসমত চাৰি-পাঁচদিনলৈ স্তব্ধ হৈ পৰিছিল স্বাভাৱিক জনজীৱন।