‘অপাৰেশ্যন সেন্দূৰ’ক লৈ লোকসভাত চলি থকা বিতৰ্ক সন্দৰ্ভত ভাষণ প্ৰদান কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও ডাঙৰ তথ্য ৰাজহুৱা কৰিছে। যুদ্ধবিৰতিৰ পূৰ্বে ৯ মে’ৰ নিশা কি হৈছিল সেই বিষয়েও মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৯ মে’ৰ নিশা পাকিস্তানে ১০০০ ড্ৰোন আৰু মিছাইলেৰে আক্ৰমণৰ চেষ্টা চলাইছিল কিন্তু ভাৰতীয় সেনাই পাকিস্তানৰ আক্ৰমণ অতি সহজে প্ৰতিৰোধ কৰিছিল।
অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত লোকসভাত চলি থকা বিতৰ্ক সন্দৰ্ভত ভাষণ প্ৰদান কৰি মোদীয়ে কয় যে মই এটা তথ্য জনাব বিচাৰিছো। সমগ্ৰ দেশবাসীয়ে গৌৰৱ অনুভৱ কৰিব। পাকিস্তানে ৯ মে’ত প্ৰায় ১০০০ ড্ৰোন আৰু মিছাইলেৰে আক্ৰমণৰ চেষ্টা চলাইছিল। এইসমূহ মিছাইল যদি ভাৰতৰ যিকোনো প্ৰান্তত পৰিলহেতেন তেন্তে ভয়ংকৰ ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছিল, কিন্তু ভাৰতে মাজ আকাশতে এইসমূহ নিষ্ক্ৰিয় তথা ধ্বংস কৰি দিয়ে। প্ৰতিগৰাকী ভাৰতীয় ইয়াক লৈ গৌৰৱ অনুভৱ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আদমপুৰ বিমানঘাটিত আক্ৰমণ কৰা বুলি ভুৱা বাতৰি বিয়পাইছিল পাকিস্তানে। এই ভুৱা খবৰ বিয়পাবলৈ তেওঁলোকে বহুত চেষ্টা কৰিছিল। আনকি তেওঁলোকে যৎপৰোনাস্তি চেষ্টা কৰিছিল। পিছদিনা আদমপুৰ বিমানঘাটিত উপস্থিত হৈ মই নিজেই তেওঁলোকৰ মিছা কথা উদঙাই দিছিলো।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত কয় যে পাকিস্তানৰ জ্ঞান থাকিলে সন্ত্ৰাসবাদীৰ সৈতে থিয় দিয়াৰ ভুল নকৰিলেহেঁতেন। তেওঁলোকে নিৰ্লজ্জভাৱে সন্ত্ৰাসবাদীৰ সৈতে থিয় দিয়াৰ সিদ্ধান্ত ল’লে। আমি সম্পূৰ্ণ সাজু হৈ আছিলো। আমিও এটা সুযোগ বিচাৰি আছিলো। আমি বিশ্ববাসীক স্পষ্ট বাৰ্তা দিছো যে আমাৰ লক্ষ্য হৈছে সন্ত্ৰাসবাদ, সন্ত্ৰাসবাদীৰ গুৰু আৰু সন্ত্ৰাসবাদীৰ গোপন স্থান। ভাৰতীয় সেনাই দিয়া উত্তৰ বছৰ বছৰ মনত ৰাখিব পাকিস্তানে।
তেওঁ লগতে কয় যে ৯ মে’ৰ মাজনিশা আমাৰ ক্ষেপণাস্ত্ৰই পাকিস্তানৰ প্ৰতিটো কোণতে আক্ৰমণ কৰিছিল, যিটো পাকিস্তানে কেতিয়াও কল্পনা কৰা নাছিল। আঁঠু ল’বলৈ বাধ্য হ’ল পাকিস্তান। ভয়াৱহ আক্ৰমণৰ পিছতেই পাকিস্তানে ফোনযোগে ডিজিএমঅ’ৰ লগত কথা পাতি যুদ্ধৰ অন্ত পেলাবলৈ অনুৰোধ জনায়।