ফ্ৰান্সৰ ৰাজধানী পেৰিছত চলি থকা পেৰালিম্পিকৰ পৰা আহিছে এটাৰ পিছত আন এটা ভাল খবৰ। প্ৰতিযোগিতাখনৰ নৱম দিনটোতো অব্যাহত আছে ভাৰতীয় খেলুৱৈৰ উজ্জীৱিত প্ৰদৰ্শন। আজিৰ দিনটোত ভাৰতে প্ৰবীন কুমাৰৰ জৰিয়তে লাভ কৰিলে ২৬ সংখ্যক মেডেল।
প্ৰবীনে হাই জাম্পৰ টী ৬৪ শাখাত স্বৰ্ণ পদক অৰ্জনে কৰে। এই পদকটো লাভ কৰাৰ লগে লগে ভাৰতে মেডেল তালিকাৰ চতুৰ্দশ স্থানত উপনীত হয়।
উল্লেখ্য যে প্ৰবীনে নিজৰ দুৰ্বলতাক শক্তিলৈ ৰূপান্তৰিত কৰি ইতিহাস ৰচিবলৈ সক্ষম হয়। পেৰালিম্পিকত প্ৰবীনৰ এইটো আছিল দ্বিতীয়টো পদক। ২০২১ চনৰ টকিঅ’ পেৰালিম্পিকত ৰূপৰ পদক লাভ কৰাৰ পিছত এইবাৰ তেওঁ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
প্ৰবীণ কুমাৰ উত্তৰ প্ৰদেশৰ নয়ডাৰ বাসিন্দা আৰু জন্মৰ সময়ত তেওঁৰ এখন ভৰি চুটি আছিল। অৱশ্যে ইয়াৰ পিছতো তেওঁ কেতিয়াও হাৰ নামানি নিজৰ লক্ষ্যত উপনীত হ’বলৈ সাধ্যানুসাৰে কষ্ট কৰি গৈছিল।
উল্লেখ্য যে, ভাৰতে এই পৰ্যন্ত ৬টা সোণ, ৯টা ৰূপ আৰু ১১টা ব্ৰঞ্জ পদক লাভ কৰিছে। পেৰালিম্পিকৰ ইতিহাসত ভাৰতৰ এয়া শ্ৰেষ্ঠ প্ৰদৰ্শন। ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ চীনে ১৬৯টা পদকৰ সহায়ত পদক তালিকাৰ প্ৰথম স্থানত আছে। চীনে এই পৰ্যন্ত ৭৪টা স্বৰ্ণ, ৫৬টা ৰূপ আৰু ৩৯টা ব্ৰঞ্জ পদক লাভ কৰিছে।