প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে লাওছৰ ভিয়েনতিয়ানত অনুষ্ঠিত পূব এছিয়া সন্মিলনৰ সময়ত থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ চিনাৱাট্ৰাক সাক্ষাৎ কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ মাজত এইখন প্ৰথম বৈঠক আছিল।
প্ৰধানমন্ত্ৰী মোদীয়ে এই বৈঠক সন্দৰ্ভত এক্সত এখন ফটো শ্বেয়াৰ কৰি লিখিছে যে, তেওঁ লাও পিডিআৰত প্ৰধানমন্ত্ৰী চিনাৱাত্ৰাক সাক্ষাৎ কৰিছে। থাইলেণ্ড ভাৰতৰ মিত্ৰ।
দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ এই বাৰ্তালাপত দুয়োখন দেশৰ মাজৰ বাণিজ্যিক সম্পৰ্ক কেনেদৰে উন্নত কৰিব পাৰি আৰু সাংস্কৃতিক সম্পৰ্ক কেনেদৰে উন্নত কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।প্ৰতিৰক্ষা, জাহাজ চলাচল, ডিজিটেল উদ্ভাৱন আৰু অন্যান্য ক্ষেত্ৰতো যথেষ্ট সম্ভাৱনা আছে বুলি মোদীয়ে কয়।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিজ্ঞপ্তিত কোৱা হৈছে যে, বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে থাই প্ৰধানমন্ত্ৰীক কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনায়। থাই প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ ঐতিহাসিক তৃতীয় কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
দুয়োগৰাকী নেতাই বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে উপ-আঞ্চলিক, আঞ্চলিক আৰু বহুপাক্ষিক মঞ্চত ঘনিষ্ঠ সহযোগিতা গঢ়ি তোলাৰ উপায়ৰ ওপৰতো মত বিনিময় কৰে। এই সন্দৰ্ভত তেওঁলোকে বিমষ্টেকৰ জৰিয়তে আঞ্চলিক সহযোগিতা শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে।
থাইলেণ্ডৰ সৈতে ভাৰতৰ সম্পৰ্ক হৈছে ভাৰতৰ ‘এক্ট ইষ্ট’ নীতিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ, যিয়ে এই বছৰ এটা দশক সম্পূৰ্ণ কৰে।