বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ নতুন মাৰাঠী ছবি “পানী”ৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে। প্ৰিয়ংকা চোপ্ৰাই পানী বোলছবিখনৰ ট্ৰেইলাৰ তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰিছে। তেওঁ শিৰোনামটোত লিখে যে, যিখন পৃথিৱীত পানীৰ অভাৱ অনুভূত হৈ আছে, সেই ঠাইত প্ৰেম হৈছে আটাইতকৈ ডাঙৰ সম্পদ।
প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ পানী হৈছে মানুহৰ সম্ভাৱনা, আশা আৰু পৰিৱৰ্তনৰ এক প্ৰমাণ। ই আমাক দেখুৱায় যে, যেতিয়া আবেগ আৰু উদ্দেশ্য একেলগে যায়, যিকোনো অসম্ভৱেই সম্ভৱ হৈ উঠে। ১৮ অক্টোবৰত “পানী” সকলো ছবিগৃহলৈ আহিব।
পানীৰ সংকটৰ ওপৰত নিৰ্মিত এই চলচ্চিত্ৰখনে আৱেগিক কৰি তুলিব আপোনাক-
এই চিনেমাখনত কাহিনীতকৈ অধিক, অস্তিত্বৰ এক যুঁজ ওপৰত গুৰুত্ব দিয়া হৈছে। পানী চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ এখন গাওঁৰ পৰা আৰম্ভ হয়, য’ত খৰাং পৰিস্থিতিৰ বাবে গাওঁখনৰ লোকসকলে পানীৰ সংকটৰ সন্মুখীন হয়। পানীৰ অভাৱৰ বাবে গাঁৱৰ মানুহে ঘৰ এৰি যাবলৈ বাধ্য হয়, যিয়ে মানুহৰ অস্তিত্বৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি কৰিছে।
ইফালে, গাওঁখনৰ এজন ব্যক্তিয়ে নিজৰ প্ৰেমিকাক বিয়া কৰাবলৈ গাওঁখনলৈ পানী অনাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ প্ৰতিটো অসুবিধাৰ সৈতে যুঁজ দিয়ে।
ৰাজশ্ৰী এণ্টাৰটেইনমেণ্ট আৰু কোথাৰে ভিজন প্ৰাইভেট লিমিটেডৰ সহযোগত নিৰ্মিত এই ছবিখন প্ৰিয়ংকা চোপ্ৰা, ড০ মধু চোপ্ৰা, নেহা বৰজাতিয়া আৰু ৰজত বৰজাতিয়াই প্ৰযোজনা কৰে।
এই চলচ্চিত্ৰখন পৰিচালনা কৰে আদিনাথ কোথাৰে। আদিনাথেও এই ছবিখনত অভিনয় কৰিছে। তেওঁৰ সৈতে ৰুচা বৈদ্য, সুবোধ ভাৱে, ৰজিত কাপুৰ, কিশোৰ কদম, শচীন গোস্বামী, মোহনবাই, শ্ৰীপদ যোশী আৰু বিকাশ পাণ্ডুৰাং পাটিলৰো অভিনয়ো দেখিবলৈ পোৱা যাব। ছবিখনৰ কাহিনী নিতিন দীক্ষিতে লিখে।