বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত উদ্ভৱ হোৱা বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে পঞ্জাৱত। ৰাজ্যখনৰ ২৩খন জিলাই পৰিছে বানৰ কৱলত। ইযাৰ ফলত ৰাজ্যখনৰ পৰিৱেশ-পৰিস্থিতি অত্যন্ত জটিল হৈ পৰিছে।
ভয়াৱহ বানৰ বাবে ইতিমধ্যে ৰাজ্যখনৰ প্ৰতিখন বিদ্যালয় অহা ৭ ছেপ্তেম্বৰলৈকে বন্ধ ঘোষণা কৰিছে। জানিব পৰা অনুসৰি এই পৰ্যন্ত ৩০ জনৰো অধিক লোকৰ মৃত্যু হৈছে।
তথ্য অনুসৰি পঞ্জাৱৰ ২৩খন জিলাৰ ১৪০০ খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। পঞ্জাৱৰ মুখ্য সচিব কে এ পি সিংহাই ৰাজ্যৰ ২৩খন জিলাৰ আটাইকেইখনকে বানাক্ৰান্ত বুলি ঘোষণা কৰিছে। তেওঁ জিলা উপায়ুক্তসকলক কোনো দুৰ্যোগৰ সময়ত এই আইনৰ ৩৪ নং ধাৰাত প্ৰয়োজনীয় সকলো আদেশ জাৰি কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছে, যাৰ ফলত তেওঁলোকক স্বতন্ত্ৰভাৱে কাম কৰাৰ লগতে জৰুৰীকালীন অৱস্থাৰ বাবে সাজু হোৱাৰ অধিকাৰ প্ৰদান কৰা হৈছে।
ৰাজ্যখনৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পঞ্জাৱ চৰকাৰে বুধবাৰে ৭ ছেপ্টেম্বৰলৈকে সকলো বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় বন্ধ কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ পূৰ্বে চৰকাৰে ৩ ছেপ্টেম্বৰলৈকে সকলো বিদ্যালয়-মহাবিদ্যালয় বন্ধ ঘোষণা কৰিছিল।