পঞ্জাৱ আৰক্ষীৰ ডি আই জি (ৰোপাড় ৰেঞ্জ) হৰচৰণ সিং ভুল্লাৰক গ্ৰেপ্তাৰ কৰিছে চি বি আইয়ে। এই গ্ৰেপ্তাৰ ধন লেনদেনৰ গোচৰৰ সৈতে জড়িত বুলি কোৱা হৈছে। এই সন্দৰ্ভত এতিয়াও কোনো তথ্য প্ৰদান কৰা নাই আৰক্ষীয়ে।
জানিব পৰা অনুসৰি, উৎকোচ লোৱাৰ অভিযোগত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে ৰোপাড় ৰেঞ্জৰ ডি আই জি হৰচৰণ সিং ভুল্লাৰক। সূত্ৰ অনুসৰি মণ্ডি গোবিন্দগড়ৰ এজন স্ক্ৰেপ ব্যৱসায়ীয়ে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল, যাৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চিবিআইৰ দলটোৱে মোহালীৰ পৰা ভুল্লাৰক আটক কৰে।
হৰচৰণৰ গ্ৰেপ্তাৰৰ পিছতে চিবিআইয়ে তেওঁৰ ঘৰত অভিযান চলাই কোটি কোটি নগদ টকা জব্দ কৰে। বৰ্তমান ডি আই জিৰ ঘৰত নোট গণনা চলি আছে। অৱশ্যে তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা ধনৰ পৰিমাণৰ আনুষ্ঠানিক তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই।
২০০৭ বেচ্চৰ আই পি এছ বিষয়া ভুল্লাৰে ডি আই জি (ৰোপাৰ ৰেঞ্জ) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ৰোপাৰ ৰেঞ্জত মোহালী, ৰূপনগৰ আৰু ফাতেহগড় চাহাব জিলাক সামৰি লোৱা হৈছে।