ৰাছিয়াৰ আকাশমাৰ্গত হোৱা বিমান দুৰ্ঘটনাৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে আজাৰবাইজানৰ ৰাষ্ট্ৰপতি ইলহাম আলিয়েভৰ ওচৰত ক্ষমা বিচাৰিছে। বুধবাৰে (২৫ ডিচেম্বৰ) কাজাখাস্তানৰ আকটাউ চহৰৰ সমীপত দক্ষিণ ৰাছিয়াৰ পৰা জে২-৮২৪৩ নম্বৰৰ বিমানখন ডাইভাৰ্ট কৰা হয়।
এই মৰ্মান্তিক ঘটনাৰ বাবে ৰাষ্ট্ৰপতি পুটিনে ক্ষমা বিচৰা বুলি ক্ৰেমলিনে জনাইছে আৰু নিহতসকলৰ পৰিয়াললৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে।
কাজাখাস্তানৰ আকটাউ চহৰৰ সমীপত আজাৰবাইজান এয়াৰলাইন্সৰ জে ২-৮২৪৩ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই ঘটনাত কমেও ৩৮ জন লোক নিহত হোৱাৰ বিপৰীতে ২৯ জন লোকৰ প্ৰাণ ৰক্ষা পৰে। এই বিমানখন ডাইভাৰ্ট কৰা হৈছিল কাৰণ সেই সময়ত ৰাছিয়াৰ ভূখণ্ডত ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণ চলি আছিল।
ৰাছিয়াৰ ক্ৰেমলিনে এক বিবৃতিত কয় যে আজাৰবাইজানৰ বিমানখনক আক্ৰমণ কৰাটো ভুল আছিল। নিৰাপত্তাজনিত কাৰণত বিমানখনৰ ডাইভাৰচন কৰা হৈছিল, কিয়নো সেই সময়ত গ্ৰ’জনি, মজডক আৰু ভ্লাডিকাভকাজত ইউক্ৰেইনৰ ড্ৰ’ন আক্ৰমণ চলি আছিল, যাৰ বাবে ইয়াক বিফল কৰিবলৈ ৰাছিয়াৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰা হৈছিল।
বিমানখনৰ পাংখাত গুলীৰ চিন পোৱা বুলিও তদন্তত প্ৰকাশ পাইছে।