ভাৰতীয় বায়ুসেনাই দেশত ১১৪খন ৰাফেল যুদ্ধ বিমান নিৰ্মাণৰ প্ৰস্তাৱ প্ৰতিৰক্ষা মন্ত্ৰালয়ক দাখিল কৰিছে। প্ৰায় ২ লাখ কোটি টকাৰ এই প্ৰকল্পই যদি চৰকাৰৰ পৰা সেউজ সংকেত পায়, তেন্তে ই দেশৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ প্ৰতিৰক্ষা চুক্তিত পৰিণত হ’ব।
তথ্য অনুসৰি, এই প্ৰকল্পৰ বাবে ভাৰতে ৰাফেল নিৰ্মাণ কৰা দেশ ফ্ৰান্সৰ সৈতে G2G অৰ্থাৎ চৰকাৰৰ পৰা চৰকাৰলৈ চুক্তিবদ্ধ হ’ব। এই চুক্তিৰ পিছত ৰাফেল নিৰ্মাণ কৰা ফ্ৰান্সৰ কোম্পানী ডাছ’ল্টে ভাৰতৰ এটা থলুৱা কোম্পানীৰ সৈতে দেশত (ভাৰতত) এটা উৎপাদন কাৰখানা স্থাপন কৰিব। ভাৰতত নিৰ্মাণ হ’বলগীয়া থলুৱা ৰাফেল যুদ্ধ বিমানত প্ৰায় ৬০ শতাংশ থলুৱা অস্ত্ৰ-শস্ত্ৰ আৰু সঁজুলি থাকিব।
অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় বায়ুসেনাৰ বৰ্তমানৰ ৰাফেল যুদ্ধ বিমানসমূহৰ কাৰ্যকৰী সামৰ্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মেক ইন ইণ্ডিয়াৰ অধীনত ফ্ৰান্সৰ যুদ্ধ বিমান নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে। ২০১৬ চনত ভাৰতে ফ্ৰান্সৰ পৰা ৩৬ খন ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰাৰ চুক্তিত স্বাক্ষৰ কৰিছিল।
শেহতীয়াকৈ অপাৰেচন সিন্দুৰৰ সময়ত পেহেলগাম হত্যাকাণ্ডৰ প্ৰতিশোধ ল’বলৈ ভাৰতীয় বায়ুসেনাই ৰাফেল যুদ্ধ বিমান ব্যৱহাৰ কৰি পাকিস্তানৰ পৰা চলি থকা সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা আৰু জৈছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয় ধ্বংস কৰিছিল।
ভাৰতীয় বায়ুসেনাই বৰ্তমান ব্যৱহাৰ কৰা ৩৬ খন ৰাফেল যুদ্ধ বিমানত মিটিঅ’ৰ, মাইকা আৰু স্কেলপ মিছাইলৰ ব্যৱস্থা কৰা হৈছে। এই সকলোবোৰ ফৰাচী ক্ষেপণাস্ত্ৰ। কিন্তু মেক ইন ইণ্ডিয়া ৰাফেল যুঁজাৰু বিমানখনত ভাৰতত নিৰ্মিত ক্ষেপণাস্ত্ৰও সজ্জিত কৰিব পাৰি।
মেক ইন ইণ্ডিয়া ৰাফেল যুদ্ধ বিমানখনে অৱশ্যে এক দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’ব লাগিব, য’ত বিত্ত মন্ত্ৰালয়ৰ পৰা নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটী (চিচিএছ) আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ শীৰ্ষ সমিতি প্ৰতিৰক্ষা ক্ৰয় পৰিষদলৈ অনুমোদন লাভ কৰিব লাগিব। এনে পৰিস্থিতিত এই ১১৪খন ৰাফেল যুঁজাৰু বিমানৰ কিছুমান ফ্ৰান্সৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰাটো অতি সম্ভৱ। এই ১১৪খন ৰাফেল যুঁজাৰু বিমানৰ সহায়ত বায়ুসেনাত ৫-৬টা স্ক্ৱাড্ৰন থাকিব পাৰে (এটা স্কোয়াড্ৰনত ১৮-২০খন যুঁজাৰু বিমান থাকে)।
উল্লেখযোগ্য যে চলিত বৰ্ষৰ এপ্ৰিল মাহত ভাৰতে ফ্ৰান্সৰ সৈতেও নৌসেনাৰ বাবে ৰাফেলৰ ২৬টা মেৰিন সংস্কৰণৰ চুক্তি কৰিছিল। এই ৰাফেল (এম) যুঁজাৰু বিমানসমূহ থলুৱা বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্তত নিয়োগ কৰা হ’ব।