বিগত কিছু দিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে পাকিস্তানৰ বহু অঞ্চলত। বৰষুণৰ ফলত স্বাভাৱিক জীৱনত বেয়াকৈ প্ৰভাৱ পৰিছে। দেশখনৰ পঞ্জাৱ প্ৰদেশত প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰাত যোৱা ২৪ ঘন্টাত কমেও ২৪ জন লোকৰ মৃত্যু হৈছে। কমেও ১৫০ জনৰো অধিক লোক আহত হৈছে।
এই পৰ্যন্ত পাকিস্তানত ধুমুহা-বৰষুণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪০ জনলৈ বৃদ্ধি পাইছে। বুধবাৰে এজন শীৰ্ষ বিষয়াই এই তথ্য প্ৰদান কৰে।
পাকিস্তানৰ বতৰ বিজ্ঞান বিভাগৰ বিষয়াসকলে জনোৱা মতে, লাহোৰ আৰু পঞ্জাৱৰ আন বহু কেইখন জিলাত গোটেই নিশা বৰষুণ হৈছিল আৰু বৃহস্পতিবাৰলৈকে এই প্ৰক্ৰিয়া অব্যাহত থকাৰ সম্ভাৱনা আছে। অতিবৃষ্টিৰ বাবে দেশখনৰ বিভিন্ন অঞ্চল বানৰ কৱলত পৰা বুলিও জনাইছে।
পঞ্জাৱৰ জৰুৰীকালীন সেৱা ‘ৰেচকিউ ১১২২’ৰ এগৰাকী মুখপাত্ৰই কয়, ‘লাহোৰত নিশা ধুমুহাৰ ফলত ছাদ ভাঙি পৰা তিনিটা ঘটনাত ১২ জন লোকৰ মৃত্যু হয়। ইয়াৰ ভিতৰত চহৰখনৰ থোকৰ নিয়াজ বেগ অঞ্চলত বাস কৰা একেটা পৰিয়ালৰ পাঁচজন সদস্যও আছে।’
উল্লেখ্য যে, পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশখনৰ চৰকাৰ তথা প্ৰশাসনে সাধাৰণ লোকসকলক অপ্ৰয়োজনত ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিবলৈ আহ্বান জনাইছে।