এখন আগশাৰীৰ ব্যক্তিগত চিকিৎসালয়ৰ কৰ্ম-কাণ্ডই চকু কঁপালত তুলিছে সকলোৰে। চিকিৎসালয়ৰ কৰ্মচাৰীৰ ভুল চিকিৎসাৰ অভিযোগ উত্থাপন হৈছে। প্ৰাণ যোৱাৰ পৰা কথমপি ৰক্ষা পৰিল ৰঙিয়াৰ এজন ব্যক্তি।
ৰঙিয়াৰ এখন আগশাৰীৰ ব্যক্তিগত চিকিৎসালয় স্বস্তি হস্পিতালে এইবাৰ পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে। চিকিৎসালয়খনৰ এজন কৰ্মচাৰীৰ বাবে জীৱন-মৃত্যুৰ সৈতে যুঁজিবলগীয়া হৈছে পশু চিকিৎসালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী দম্বৰু কলিতা।
ইফালে ভুক্তভোগী দম্বৰু কলিতাই জনোৱা মতে এই ঘটনাই তেওঁৰ জীৱনত গুৰুতৰ সংকটৰ সৃষ্টি কৰিছে।ঘটনাৰ বিৱৰণ অনুসৰি, দম্বৰু কলিতাই এসপ্তাহ পূৰ্বে নিজৰ স্বাস্থ্যৰ সমস্যাৰ বাবে চিকিৎসাৰ বাবে পৰিয়ালৰ সৈতে ৰঙিয়াৰ স্বস্তি হস্পিতালত উপস্থিত হৈছিল। চিকিৎসকে তেওঁৰ স্বাস্থ্যৰ পৰীক্ষা-নিৰীক্ষাৰ পিছত প্ৰতি আঠ ঘণ্টাৰ মূৰে মূৰে এটাকৈ ইঞ্জেকচন চেলাইনৰ জৰিয়তে প্ৰদান কৰাৰ নিৰ্দেশ দিছিল। প্ৰথমাৱস্থাত নাৰ্চে চিকিৎসকৰ নিৰ্দেশ মানি ইঞ্জেকচন প্ৰদান কৰিছিল। কিন্তু সন্ধিয়াৰ ভাগত শৰ্মা উপাধিৰ এগৰাকী কৰ্মচাৰীয়ে চিকিৎসকৰ নিৰ্দেশ অমান্য কৰি ইঞ্জেকচন প্ৰদান কৰে।
কিন্তু দম্বৰু কলিতাই এই পদ্ধতিৰ বিৰোধিতা কৰিলেও কৰ্মচাৰীগৰাকীয়ে তেওঁৰ আপত্তিক আওকাণ কৰি ইঞ্জেকচন প্ৰদান কৰে। এই ঘটনাৰ পিছত দম্বৰু কলিতা ঘৰলৈ উভতি অহাৰ পিছত গুৰুতৰ ভাৱে অসুস্থ হৈ পৰে । তেওঁৰ স্বাস্থ্যৰ অৱস্থা এনেদৰে অৱনতি ঘটে যে তেওঁক পুনৰ স্বস্তি হস্পিতালত ভৰ্তি কৰিবলগীয়া হয়।। পিছলৈ পৰিস্থিতি ভয়ানক দেখি তেওঁক আই.চি.ইউ.লৈ স্থানান্তৰ কৰিব লগা হয়। আই.চি.ইউ.ত তেওঁ জীৱন-মৃত্যুৰ সৈতে সংগ্ৰাম কৰিবলগীয়া হয়।
এই ঘটনাই স্বস্তি হস্পিতালৰ কৰ্মচাৰীৰ চৰম দায়িত্বজ্ঞানহীনতা আৰু হস্পিতাল কৰ্তৃপক্ষৰ অৱহেলাৰ কথা প্ৰমাণ কৰিছে বুলি ভুক্তভোগী দম্বৰু কলিতাৰ লগতে পৰিয়াবৰ্গ দাবী উত্থাপন কৰে। হাস্পতালৰ এই অৱহেলা আৰু কৰ্মচাৰীৰ ভুলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ ঘটনাৰ উচিত তদন্ত বিচাৰিছে ভুক্তভোগীয়ে।
এই ঘটনাই ৰঙিয়াৰ স্বাস্থ্য সেৱা ব্যৱস্থাৰ মানদণ্ডৰ ওপৰত প্ৰশ্নৰ সৃষ্টি কৰিছে!