চাকৰিৰ নামত এতিয়াও প্ৰৱঞ্চনাৰে একাংশই লুটি আছে ধন। এইবাৰ প্ৰৱঞ্চনাৰ বলি হৈ এগৰাকী যুৱতীয়ে হেৰুৱালে নিজৰ সাঁচতীয়া ধন। উপায়হীন হৈ ৰঙিয়া আৰক্ষী কাষ চাপিছে এইগৰাকী অসহায় যুৱতী।
ঘটনাৰ বিৱৰণ অনুসৰি, প্ৰথমে OLX ত এটা বিজ্ঞাপন পাইছিল ৰঙিয়াৰ এগৰাকী যুৱতী কৃষ্ণা বৰাই। বিজ্ঞাপনত এটা ব্যক্তিগত বেংকৰ নাম উল্লেখ কৰি জনোৱা হৈছিল এটা পদ খালী থকাৰ কথা। সেই পদৰ বাবে যুৱতীগৰাকীয়ে কৰিছিল আবেদন আৰু তাৰ পিছতে প্ৰৱঞ্চনাৰে যুৱতী গৰাকীৰ পৰা কেইজনমান প্ৰৱঞ্চকে অতি কৌশলৰে সৰকালে প্ৰায় ১১ হাজাৰ টকা।
চাকৰি পোৱাৰ আশাত যুৱতী গৰাকীয়ে এই প্ৰৱঞ্চক কেইজনলৈ পঠিয়াইছিল নিজৰ সাঁচতীয়া ধন। কিয়নো Salary Account খোলাৰ নামত বিভিন্ন বাহানা দি অলপ অলপকৈ প্ৰৱঞ্চকে প্ৰায় ১১ হাজাৰ টকা লুটি নিয়াৰ অভিযোগ উত্থাপন হৈছে এই দুষ্ট চক্ৰটোৰ বিৰুদ্ধে।
শিলচৰ শাখাৰ পৰা গৌৰৱ শৰ্মা বৰা, প্ৰাঞ্জল বৰা আদি নাম লৈ যুৱতী গৰাকীৰ সৈতে যোগাযোগ কৰিছিল প্ৰৱঞ্চকে। যুৱতীগৰাকীৰ অভিযোগমৰ্মে প্ৰৱঞ্চকে পূৰ্বে ফোন কৰা তিনিটাকৈ নম্বৰত বৰ্তমান যুৱতীগৰাকীয়ে ফোন কৰিলে ফোনো নালাগে। আনকি আন নম্বৰৰ পৰা ফোন কৰিলে যুৱতীগৰাকীক ধমক দি প্ৰৱঞ্চকে ‘কিয় দিছিলা পইচা, ঘূৰাই নোপোৱা!’ বুলি ধমক দিয়াৰো অভিযোগ দিছে যুৱতীগৰাকীয়ে।
অৱশেষত উপায়হীন হৈ যুৱতীগৰাকীয়ে ৰঙিয়া আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। যুৱতীগৰাকীৰ দৰে আৰু আন কোনোৱে যাতে এইদৰে ঠগ-প্ৰৱঞ্চকৰ কৱলত নপৰে তাৰ বাবে আৰক্ষীৰ সহায় বিচাৰে ভুক্তভুগী কৃষ্ণা বৰাই।