আজি অশ্ৰুশিক্ত নয়নেৰে বিদায় জনালে অসমবাসীৰ আপোন শিল্পী জুবিন গাৰ্গক। সোণাপুৰৰ কমাৰকুছিত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হোৱাৰ পিছতে জুবিন গাৰ্গৰ চিতাভস্ম সন্দৰ্ভত এক ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে।
লাখ-লাখ গুণমুগ্ধৰ উপস্থিতিত শেষকৃত্য সম্পন্ন হোৱাৰ পিছতে মন্ত্ৰী ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত কয় যে জুবিন গাৰ্গৰ চিতাভস্ম বিতৰণৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগক দায়িত্ব প্ৰদান কৰা হৈছে।
সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ লগতে সামাজিক মাধ্যমত এটা বিশেষ প’ষ্ট শ্বেয়াৰ কৰি কয়, ‘আমাৰ আদৰৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য সুকলমে সমাপন হৈছে। ইতিমধ্যে অস্থি পৰিয়ালক অৰ্পণ কৰা হৈছে। চিতাভস্ম সংগ্ৰহ কৰি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগক অৰ্পণ কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগে ইয়াক সুৰক্ষিত কৰি ৰাখিব আৰু অসমৰ কোনো অনুষ্ঠান-প্ৰতিষ্ঠানে এই চিতাভস্ম বিচাৰিলে আবেদন কৰিব পৰাকৈ এটা সহজ অনলাইন প’ৰ্টেল শীঘ্ৰেই মুকলি কৰা হ’ব। আবেদন অনুসৰি আবেদনকাৰীক চিতাভস্ম প্ৰদান কৰা হ’ব।’
তেওঁ লগতে শিল্পীগৰাকীৰ দ্বিতীয় সমাধিস্থলী নিৰ্মাণৰ বাবে চিতাভস্মৰ এটি অংশ যোৰহাটলৈ প্ৰেৰণ কৰা হ’ব বুলিও উল্লেখ কৰে।