যোৱা তিনি বছৰ ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি আছে। ইফালে দুয়োখন দেশৰ সেনাই অহৰহ ইজনে সিজনক আক্ৰমণ কৰি আহিছে। ৭ নৱেম্বৰৰ পৰা ৮ নৱেম্বৰলৈ ড্ৰোন আৰু মিছাইল ব্যৱহাৰ কৰি ৰাছিয়াই এক বৃহৎ আক্ৰমণ চলায়।
এক প্ৰতিবেদন অনুসৰি, ৰাছিয়াৰ এই আক্ৰমণত দুটা পাৰমাণৱিক শক্তি কেন্দ্ৰ খমেলনিটস্কি আৰু ৰিভনেক শক্তি যোগান ধৰা উপকেন্দ্ৰক লক্ষ্য কৰি লোৱা হৈছিল। এই আক্ৰমণত কমেও ৭ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। ড্নিপাৰ চহৰৰ এটা আৱাসিক অট্টালিকাত ড্ৰ’নে খুন্দা মৰাৰ ফলত তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে জাপ’ৰিঝিয়াত তিনিজন আৰু খাৰকিভত এজনৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে।
প্ৰধানমন্ত্ৰী ইউলিয়া শ্বিৰিডেংকোৱে কয় যে এই আক্ৰমণৰ ফলত কিয়ভ, প’লটাভা, আৰু খাৰ্কিভ অঞ্চলৰ শক্তিৰ আন্তঃগাঁথনিৰ যথেষ্ট ক্ষতি হৈছে। হাজাৰ হাজাৰ ঘৰৰ বিদ্যুৎ আৰু পানী যোগান ব্যাহত হৈ পৰে। চৰকাৰী শক্তি কোম্পানী চেণ্ট্ৰেনাৰ্গোৱে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত যুদ্ধ আৰম্ভ হোৱাৰ পিছত এই আক্ৰমণৰ আটাইতকৈ বৃহৎ আক্ৰমণ বুলি অভিহিত কৰিছে।
বৈদেশিক মন্ত্ৰী আন্দ্ৰেই ছিবিহাই আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ গৱৰ্ণৰ ব’ৰ্ডৰ জৰুৰী বৈঠকৰ আহ্বান জনায়। যিকোনো সময়তে বিপৰ্যয়জনক পাৰমাণৱিক দুৰ্ঘটনা সংঘটিত হ’ব পৰা আক্ৰমণ বন্ধ কৰিবলৈ ৰাছিয়াক হেঁচা প্ৰয়োগ কৰিবলৈ চীন আৰু ভাৰতক আবেদন জনায়।











