দুৰ্দান্ত ফৰ্মত থকা গুজৰাট টাইটানছ দলৰ অপেনাৰ ছাই সুদৰ্শনৰ নামত সংযোজন হ’ল এক বিশেষ অভিলেখ। ২ মাৰ্চ অৰ্থাত শুকুৰবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনতেই বিশ্ব অভিলেখৰ গৰাকী হ’ল সুদৰ্শন।
টি-২০ ক্ৰিকেট ইতিহাসত শূন্য ৰানত আউট নোহোৱাকৈয়ে সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটাৰত পৰিণত হৈছে ছাই সুদৰ্শন। এতিয়ালৈকে কোনো এটা ইনিংছতে শূন্য ৰানত আউট নোহোৱাকৈ সৰ্বমুঠ ২০১৬ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে সুদৰ্শনে।
টি-২০ ক্ৰিকেটত শূন্য ৰানত আউট নোহোৱাকৈয়ে সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটাৰ
২০১৬*- ছাই সুদৰ্শন (৫৪টা ইনিংছ), ভাৰত
১,৪২০- কডোবাকী-ফ্লেমিং (৩৫টা ইনিংছ), জাপান
১,৩৭৮- মাৰ্ক বাউছাৰ (৭৬টা ইনিংছ), দক্ষিণ আফ্ৰিকা
১,৩৩৭- তৈয়ব তাহিৰ (৪৬টা ইনিংছ), পাকিস্তান
১,২৩১- ৰজত পালীৱাল (৬৩টা ইনিংছ), ভাৰত
১,০৭৬- কেমৰুন গ্ৰীণ (৪৯টা ইনিংছ), অষ্ট্ৰেলিয়া
এই অভিলেখৰ উপৰি ছাই সুদৰ্শনে কালিৰ মেচখনতেই আন এক অভিলেখ গঢ়িবলৈও সক্ষম হৈছে। টি-২০ ক্ৰিকেটত সৰ্বাধিক দ্ৰুত গতিত ২০০০ ৰান সংগ্ৰহ কৰা দ্বিতীয়গৰাকী বেটাৰত পৰিণত হৈছে সুদৰ্শন। এই কৃতিত্বৰ অধিকাৰী হ’বলৈ তেওঁক প্ৰয়োজন হয় ৫৪টা ইনিংছৰ। এই ক্ষেত্ৰত তেওঁ কিংবদন্তী শচীন তেণ্ডুলকাৰ আৰু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ব্ৰেড হজৰ অভিলেখ ভংগ কৰে।
টি-২০ত সৰ্বাধিক দ্ৰুত গতিত ২০০০ ৰান সম্পূৰ্ণ কৰা ক্ৰিকেটাৰ
৫৩টা ইনিংছ- শ্বন মাৰ্ছ
৫৪টা ইনিংছ- ছাই সুদৰ্শন
৫৮টা ইনিংছ- ব্ৰেড হজ/মাৰ্কছ ট্ৰেছকথিক/মুহম্মদ ৱাছিম
৫৯টা ইনিংছ- শচীন তেণ্ডুলকাৰ/ ডি অৰ্ছি শ্বৰ্ট
উল্লেখ্য যে, ছানৰাইজাৰ্ছৰ বিৰুদ্ধে খেলা মেচখনত ছাই সুদৰ্শনে ২৩টা বলত ৪৮ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল। তেওঁৰ উপৰি গুজৰাট টাইটানছৰ অধিনায়ক শুভমন গীল আৰু জছ বাটলাৰেও দৰ্শনীয় অৰ্ধশতকীয় ইনিংছ খেলে। মেচখনত গুজৰাটে সহজেই পৰাস্ত কৰে ছানৰাইজাৰ্ছ হায়দৰাবাদক।