হাস্পতালত ভৰ্তি হৈ থকা সময়তে জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ বিৰুদ্ধে চিবিআইয়ে দাখিল কৰিলে চাৰ্জশ্বীট। তেওঁ দুৰ্নীতিৰ অভিযোগত চিবিআইৰ অভিযোগনামাৰ সন্মুখীন হৈছে।
জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ জল প্ৰকল্পৰ চুক্তিত হোৱা অনিয়মৰ সন্দৰ্ভত চিবিআইয়ে এই গোচৰ ৰুজু কৰিছিল। মালিকৰ অভিযোগতেই এই তদন্ত আৰম্ভ হৈছিল আৰু এতিয়া তেওঁ নিজেই অভিযুক্তৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।
সম্প্ৰতি সত্যপাল মালিক দিল্লীৰ আৰ এম এল হাস্পতালত ভৰ্তি হৈ আছে।
সমগ্ৰ ঘটনাটো কি?
ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি ২০২১ চনত সত্যপাল মালিকে দাবী কৰিছিল যে তেওঁক দুটা ফাইল মঞ্জুৰি দিবলৈ ৩০০ কোটি টকাৰ উৎকোচৰ প্ৰস্তাৱ দিয়া হৈছিল। এই ফাইল দুটাৰ ভিতৰত এটা আছিল ৰিলায়েন্স জেনেৰেল ইন্সুৰেন্স আৰু আন এটা হৈছে হাইড্ৰ’ ইলেকট্ৰিক প্ৰজেক্ট।
সত্যপাল মালিকৰ এই দাবীৰ পিছতেই তদন্তৰ ঘোষণা কৰা হৈছিল আৰু পিছত সমগ্ৰ বিষয়টো তদন্তৰ বাবে ২০২২ চনত চিবিআইক হস্তান্তৰ কৰা হয়।