জম্মু-কাশ্মীৰৰ কুলগামত নিৰাপত্তাৰক্ষীয়ে চলোৱা অভিযানত নিহত হৈছে দুজনকৈ উগ্ৰপন্থী। ‘অপাৰেশ্যন আখাল’ৰ অধীনত এই সফলতা লাভ কৰে নিৰাপত্তাৰক্ষীয়ে। নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত নিৰাপত্তাৰক্ষীৰ এটা দলে শুকুৰবাৰে নিশাৰ পৰা এই অভিযান আৰম্ভ কৰে।
ভাৰতীয় সেনাৰ চিনাৰ কৰ্পছে নিজৰ অফিচিয়েল এক্স হেণ্ডেলৰ এটা পোষ্টৰ জৰিয়তে শুকুৰবাৰৰ নিশাৰ পৰা এই অভিযান চলি থকা বুলি জনায়।
ভাৰতীয় সেনাৰ বিগত ৭ দিনৰ ভিতৰত তৃতীয় বৃহত্তম অভিযান হৈছে অপাৰেশ্যন আখল। ইয়াৰ পূৰ্বে বুধবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত নিয়ন্ত্ৰণ ৰেখাত নিৰাপত্তাৰক্ষীৰ হোৱা সংঘৰ্ষত দুজন সন্ত্ৰাসবাদীৰ মৃত্যু হৈছিল। এই অভিযানক নাম দিয়া হৈছিল অপাৰেশ্যন শিৱশক্তি।
ইফালে বিগত ২৮ জুলাইত শ্ৰীনগৰৰ উপকণ্ঠ অঞ্চলৰ হৰৱানৰ সমীপৰ লিডৱাছ নামৰ বনাঞ্চলত হোৱা এক এনকাউণ্টাৰৰ সময়ত তিনিজন পাকিস্তানী সন্ত্ৰাসবাদী নিহত হৈছিল। এই অভিযানক নাম দিয়া হৈছিল ‘অপাৰেশ্যন মহাদেৱ’। এই অভিযানত নিহত হোৱা উগ্ৰপন্থী কেইজনেই ২২ এপ্ৰিলৰ পেহেলগাম কাণ্ডত জড়িত আছিল।
মৃত তিনি সন্ত্ৰাসবাদী তিনিজনৰ ভিতৰত এজন পেহেলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড চুলেমান বুলি চিনাক্ত হোৱাৰ বিপৰীতে আন কেইজন আফগান আৰু জিব্ৰাণ বুলি চিনাক্ত কৰা হৈছে।