‘আজি কাম কৰিবলৈ মন যোৱা নাই, কি কৰো কৰো নে নকৰো!’, ‘মই কি কৰা উচিত’, এনে ধৰণৰ কথা হয়তো আমি বহুতেই নিজৰ সৈতে পাতো।কিন্তু আমি বহুতেই হয়তো জ্ঞাত নহয় যে নিজৰ সৈতে কথা পতাটো আমাৰ বাবে যথেষ্ট উপকাৰী।
ই হৈছে এক প্ৰক্ৰিয়া, য’ত আমি আমাৰ চিন্তা, অনুভূতি আৰু পৰিকল্পনাৰ বিষয়ে নিজৰ সৈতে যোগাযোগ কৰিব পাৰো। এয়া মানসিক স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী হ’ব পাৰে। নিজৰ সৈতে কথা পাতিলে কেৱল আত্ম-সজাগতা বৃদ্ধিয়েই নহয়, ই মানসিক চাপ হ্ৰাস তথা উন্নত সিদ্ধান্ত লোৱাত আপোনাক সহায় কৰিব পাৰে। নিজৰ সৈতে কৰা কথোপকথনে আমাক কেনেধৰণে সহায় কৰে আজি এই বিষয়ে সবিশেষ জানো আহক-
উন্নত আত্মসন্মান: নিজৰ সৈতে কৰা ইতিবাচক কথোপকথনে আমাক নিজকে অনুভৱ কৰাত সহায় কৰে আৰু আমাৰ জীৱন অধিক নিয়ন্ত্ৰণত ৰাখিব পাৰে।
মানসিক চাপ হ্ৰাস: ই আমাৰ মানসিক চাপ পৰিচালনা কৰাৰ উপৰিও আৰু আমাক কঠিন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব পাৰে।
উন্নত সমস্যা সমাধান: নিজৰ সৈতে কৰা কথোপকথনে আমাৰ চিন্তাধাৰাক উন্নত কৰাৰ লগতে নতুন অন্তৰ্দৃষ্টি সৃষ্টি কৰাতো সহায় কৰিব পাৰে।
আৱেগিক নিয়ন্ত্ৰণত উন্নতি: এই অভ্যাসে আমাক আৱেগ প্ৰকাশ কৰাত আৰু আমাৰ অনুভৱ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে।
উন্নত স্মৃতিশক্তি: আমি দৈনন্দিন জীৱনত যিখিনি কথা শিকো, সেই সম্পৰ্কে নিজকে প্ৰশ্ন কৰিলে আমাৰ নিজৰ তথ্য শক্তিশালী হোৱাৰ লগতে আৰু আমাৰ স্মৃতিশক্তিও উন্নত কৰিব পাৰে।
হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত: ইতিবাচক চিন্তাধাৰাই আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে।
আৱেগৰ ভাৰসাম্য: এই অভ্যাসে খং, দুখ আৰু ভয় নিয়ন্ত্ৰণ কৰাতো সহায় কৰে।
আচলতে নিজৰ সৈতে কথোপকথন অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ- ই আমাৰ নেতিবাচক চিন্তা নোহোৱা কৰাৰ লগতে আমাৰ আত্মসন্মান, আত্মবিশ্বাস আৰু মানসিক স্বাস্থ্যৰ উপৰিও অন্যৰ সৈতে আমাৰ সম্পৰ্কতো প্ৰভাৱ পেলাব পাৰে।