বুধবাৰে বিয়লি ওমানত সংঘটিত এক শিহৰণকাৰী পথ দুৰ্ঘটনাত মৃত্যু হৈছে ৭ গৰাকী প্ৰবাসী বাংলাদেশীৰ। ওমানৰ ডুকাম ছিদ্ৰাত সংঘটিত হয় পথ দুৰ্ঘটনাটো।
সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি বাংলাদেশৰ সন্দীপ উপজিলাৰ নিৰবাহী বিষয়া মাংচিনু মৰ্মাই কয়, ‘এখন মাইক্ৰ’বাছৰ জৰিয়তে ১৪ জন লোকে সাগৰৰ পৰা মাছ মৰা কাৰ্য সমাপন কৰি উভতি আহি থকাৰ সময়তে দুৰ্ঘটনাটোত পতিত হয়। ইয়াৰে ১০ জন লোকৰ মৃত্যু হয়।’
স্থানীয় সূত্ৰৰ মতে, ব্যৱসায়িক মাছ ধৰাত নিয়োজিত বৃহৎ সংখ্যক বাংলাদেশী প্ৰবাসী সেই অঞ্চলত বাস কৰে। এই পৰ্যন্ত নিহতসকলৰ ভিতৰত ৬ জনক চিনাক্ত কৰা হৈছে।