ভাৰতীয় চেলিব্ৰিটিৰ ভিতৰত ২০২৪ বৰ্ষত বলীউদ অভিনেতা শ্বাহৰুখ খানে আদায় দিছে সৰ্বাধিক কৰ। ফৰ্চুন ইণ্ডিয়াৰ তথ্য অনুসৰি শ্বাহৰুখে ৯২ কোটি টকাৰ কৰ আদায় দিছিল। তেওঁৰ পিছত আছে দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা বিজয়ে কৰ হিচাপে ৮০ কোটি টকা দিছিল।
কৰ আদায়ৰ তালিকাত ৭৫ কোটি টকা আদায়েৰে তৃতীয় স্থানত বলীউডত ভাইজানৰূপে খ্যাত ছলমান খান। বিগ বি ৰূপে খ্যাত অমিতাভ বচ্চন আছে এই তালিকাৰ চতুৰ্থ স্থানত। তেওঁ কৰ হিচাপে প্ৰদান কৰিছে ৭১ কোটি টকা।
ইফালে দেশৰ ভিতৰতে কৰ আদায়ৰ তালিকাৰ পঞ্চম স্থানত আছে সাম্প্ৰতিক সময়ৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ বিৰাট কোহলী। তেওঁ চলিত বৰ্ষত ৬৬ কোটি টকা কৰ হিচাপে আদায় দিয়ে।
তেওঁৰ পিছতে ৪২ কোটি টকা কৰ আদায়েৰে ষষ্ঠ স্থানত আছে অজয় দেৱগন। সপ্তম স্থানত থকা এম এছ ধোনীয়ে ৩৮ কোটি টকাৰ কৰ আদায় দিয়াৰ বিপৰীতে অষ্টম স্থানত থকা ৰণবীৰ কাপুৰে ৩৬ কোটি টকাৰ কৰ পৰিশোধ কৰে।
ঋত্তিক ৰোশন আৰু শচীন তেণ্ডুলকাৰ দুয়োজনে কৰ হিচাপে ২৮ কোটি টকা পৰিশোধ কৰিছে।
কৰদাতাৰ শীৰ্ষ ২০ গৰাকীৰ তালিকাত স্থান লাভ কৰা আন কেইবাজনো চেলিব্ৰিটি হ’ল- কপিল শৰ্মা ( ২৬ কোটি টকা), সৌৰভ গাংগুলী ( ২৩ কোটি টকা), কৰীনা কাপুৰ ( ২০ কোটি টকা), শ্বাহিদ কাপুৰ ( ১৪ কোটি টকা), হাৰ্দিক পাণ্ডিয়া (১৩ কোটি টকা) আৰু কিয়াৰা আদৱানী ( ১২ কোটি)।
ইফালে মোহনলাল আৰু আল্লু অৰ্জুনে কৰ হিচাপে ১৪ কোটি টকা দিছিল। পংকজ ত্ৰিপাঠী আৰু কেটৰিনা কাঈফে এই বছৰ ১১ কোটি টকাকৈ কৰ আদায় দিছিল।