বাংলাদেশৰ পদচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে এক গোচৰত আজি অৰ্থাৎ ১৭ নৱেম্বৰ সোমবাৰে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে ৰায়দান দিব। ইয়াৰ পূৰ্বে বাংলাদেশৰ বিভিন্ন স্থানত অগ্নিসংযোগ আৰু হিংসা অব্যাহত আছে।
হাছিনাৰ বিৰুদ্ধে ৰায়দানৰ পূৰ্বে বাংলাদেশৰ ৰাজধানী ঢাকা আৰু দেশৰ অন্যান্য প্ৰান্তত নিৰাপত্তা কটকটীয়া কৰা হৈছে। ৰাজধানী ঢাকাত আনকি হিংসাত্মক প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে।
শ্বেখ হাছিনাৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। য়েয়া হৈছে- হত্যা, অপৰাধ প্ৰতিৰোধত ব্যৰ্থ হোৱা, মানৱীয়তা উলংঘা কৰা, ১৪০০ লোকৰ প্ৰাণ লোৱা ইত্যাদি। যাৰ বাবে শ্বেখ হাছিনাৰ মৃত্যুদণ্ডৰ দাবী উত্থাপন কৰিছে।
শ্বেখ হাছিনাৰ বিৰুদ্ধে দাখিল কৰা মানৱীয়তা উলংঘা কৰা গোচৰৰ শুনানি আজি ঢাকাৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণত অনুষ্ঠিত হ’ব। চৰকাৰী অধিবক্তাই শ্বেখ হাছিনাৰ মৃত্যুদণ্ডৰ দাবী কৰিছে। শ্বেখ হাছিনাৰ বিৰুদ্ধে ভাষ্য দিব ৮৪ গৰাকী লোকে। ৰাজধানী ঢাকাকে ধৰি সমগ্ৰ দেশখনৰ ডাঙৰ চহৰ আৰু গুৰুত্বপূৰ্ণ স্থানসমূহত নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে।
২০২৪ চনত চৰকাৰ বিৰোধী প্ৰতিবাদ দমন কৰিবলৈ চৰকাৰী সংস্থাসমূহক হিংসাত্মক পদ্ধতি ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ অভিযোগ হাছিনাই। বাংলাদেশৰ ভাৰপ্ৰাপ্ত গৃহমন্ত্ৰী জাহাংগীৰ আলম চৌধুৰীয়ে কয় যে, যিকোনো অপ্ৰীতিকৰ ঘটনাৰ মোকাবিলা কৰিবলৈ নিৰাপত্তা বাহিনী আৰু অন্যান্য সংস্থা মোতায়েন কৰা হৈছে।
দৰাচলতে ২০২৪ চনৰ জুলাই মাহত শ্বেখ হাছিনাৰ চৰকাৰৰ বিৰুদ্ধে বাংলাদেশত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছিল। এই সময়ছোৱাত চৰকাৰে প্ৰতিবাদৰ বিৰুদ্ধে দমনমূলক ব্যৱস্থা গ্ৰহণ কৰে। চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীক গ্ৰেপ্তাৰ, নিৰ্যাতন, গুলীচালনাৰ অভিযোগ উত্থাপন হোৱাৰ ফলত কেইবাজনো প্ৰতিবাদকাৰীৰ মৃত্যু হয়। ২০২৪ চনৰ ৫ আগষ্টত হাছিনাৰ চৰকাৰ উৎখাত হয়। যাৰ ফলত শ্বেখ হাছিনাই দেশ এৰি পলায়ন কৰি ভাৰতত আশ্ৰয় লয়।











