সোমবাৰে হিমাচল প্ৰদেশৰ চাম্বা জিলাত পোহৰলৈ আহে এক চাঞ্চল্যকৰ ঘটনা। জম্মু-কাশ্মীৰ আৰক্ষীৰ এজন বিশেষ আৰক্ষী জোৱানৰ কাণ্ডই মূৰৰ কামোৰণি হৈ পৰিল সকলোৰে বাবে। বিধায়কৰ পৰা অগ্নিনিৰ্বাপক বাহিনী আৰু চাম্বা আৰক্ষীলৈকে সকলোৱে দৌৰিবলৈ বাধ্য হল এই জোৱানৰ কাণ্ডত।
জম্মুৰ কথুৱাৰ পৰা হিমাচলৰ চাম্বাত শ্যাম লাল নামৰ এজন জোৱানে গছত উঠি নিজকে শেষ কৰাৰ ভাবুকি দিয়ে সকলোকে।যেনেকৈ শ্বোলে চিনেমাত বীৰুৱে টেংকত উঠিছিল, ঠিক তেনেকৈ শ্যাম লালেও গছত উঠি প্ৰতিবাদ কৰে।
অৱশেষত ৫ ঘণ্টাৰ কষ্টৰ অন্তত তেওঁক নমাই অনা হয়।
তথ্য অনুসৰি, এই ঘটনা সংঘটিত হৈছে চাম্বাৰ ডালহাউছিৰ বানিখেট-খেৰী পথৰ বাদেৰুৰ সমীপত। চৰকাৰ আৰু বিভাগ সকলোৱে তেওঁক আওকাণ কৰা বুলি অভিযোগ উত্থাপন কৰে এছ পি অ’ শ্যাম লালে। ৪৮ বছৰীয়া শ্যাম লালৰ অভিযোগ যে, ক’ভিড-১৯ৰ পিছৰে পৰা তেওঁৰ দৰমহা ১৮,০০০ ৰ পৰা ৪০০০ হয়। আনকি তেওঁ কোনো ভাট্টাও পোৱা নাই। যাৰ বাবে ২৭ মে’ত ৪ বজাত গছত উঠি এই ভাবুকি উত্থাপন কৰে ভুক্তভোগীয়ে।
আনহাতে বাণীখেত আউটপোষ্টৰ পৰা আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনী আৰু অন্যান্য নিৰাপত্তা বাহিনীকো মাতি অনা হয়। কিন্তু তেওঁ কাৰো কথা শুনিবলৈ সাজু নহয়। শেষত বিধায়কৰ আহি আশ্বাস দিয়াৰ পিছতহে গছৰ পৰা নামি আহে।
বিধায়ক ৰামেশ্বৰ সিঙে কয় যে, তেওঁৰ দাবী ন্যায্য। পূৰ্বতে তেওঁ ১৮ হাজাৰ টকাৰ দৰমহা লাভ কৰিছিল, কিন্তু এতিয়া তেওঁৰ দৰমহা ৪ হাজাৰ টকালৈ হ্ৰাস পাইছে। অৱশ্যে বিধায়কগৰাকীয়ে শ্যাম লালে গ্ৰহণ কৰা পদ্ধতি ভুল বুলি উল্লেখ কৰে।