নিউজিলেণ্ডৰ বিৰুদ্ধে মুম্বাইৰ ৱাংখেড়ে ক্ৰিকেট ষ্টেডিয়ামত চলি থকা টেষ্ট শৃংখলাৰ তৃতীয়খন মেচত ভাৰতীয় দলৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ শুভমন গিলে এক বিশেষ কৃতিত্ব গঢ়িবলৈ সক্ষম হৈছে। মেচখনৰ প্ৰথম ইনিংছত খেলা গুৰুত্বপূৰ্ণ ৯০ ৰানৰ ইনিংছৰ সময়ত তেওঁ ভাৰতৰ হৈ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ ক্ষেত্ৰত চতুৰ্থ স্থানত উপনীত হয়।
এই ক্ষেত্ৰত ভাৰতীয় দলৰ পৰা বাহিৰ হৈ থকা অভিজ্ঞ বেটাৰ চেতেশ্বৰ পূজাৰাক অতিক্ৰম কৰে শুভমন গিলে। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত পূজাৰাই ৬২টা ইনিংছত ১৭৬৯ ৰান সংগ্ৰহ কৰিছে। ইফালে গিলৰ নামত সংযোজন হৈছে ১৭৭৯ ৰান।
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ইতিহাসত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহৰ বিশেষ অভিলেখ বৰ্তমানৰ অধিনায়ক ৰোহিত শৰ্মাৰ নামত আছে। ‘হিটমেন’ শৰ্মাই ৬৩টা ইনিংছত সৰ্বাধিক ২৬৭৪ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ পিছতে দ্বিতীয় স্থানত আছে বিৰাট কোহলী। কিং কোহলীয়ে ৬৯টা ইনিংছত ২৪২৬ ৰান সংগ্ৰহ কৰিছে।
তৃতীয় স্থানত আছে বৰ্তমানৰ উইকেটকীপাৰ বেটছমেন ঋষভ পন্ত। তেওঁ ৫০টা ইনিংছত ১৯৩৩ ৰান সংগ্ৰহ কৰিছে।
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত সৰ্বাধিক ৰান সংগ্ৰহ কৰা ভাৰতীয় খেলুৱৈ
২৬৭৪ ৰান – ৰোহিত শৰ্মা – ৬৩ ইনিংছ
২৪২৬ ৰান – বিৰাট কোহলি – ৬৯ ইনিংছ
১৯৩৩ ৰান – ঋষভ পন্ত – ৫০ ইনিংছ
১৭৭৯* ৰান – শুভমন গিল – ৫৩ ইনিংছ
১৭৬৯ ৰান – চেতেশ্বৰ পূজাৰা – ৬২ ইনিংছ