বুধবাৰে পশ্চিম বংগৰ শিলিগুৰিত অনুষ্ঠিত এখন ক্ৰিকেট খেলৰ সময়ত হোৱা এটা সৰু বিবাদক কেন্দ্ৰ কৰি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। তথ্য লাভ কৰাৰ লগে লগে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীকো শিলগুটিৰে আক্ৰমণ কৰে আক্ৰমণকাৰীয়ে।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা দেখি আৰক্ষীয়ে লাঠি চালনাৰ আশ্ৰয় লয়। মৃদু শক্তিৰ ব্যৱহাৰৰ লগতে হিংসাত্মক কাৰ্যসূচীত লিপ্ত হোৱা লোকসকলক নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছো নিক্ষেপ কৰে।
এই সময়ছোৱাত হিংস্ৰ হৈ উঠা লোকসকলে বহু সম্পত্তি ভাঙি তচনচ কৰাৰ লগতে কেইবাখনো বাহন জ্বলাই দিয়ে। এই সন্দৰ্ভত এতিয়ালৈকে আৰক্ষীয়ে কোনো বিবৃতি প্ৰকাশ কৰা নাই।
জানিব পৰা অনুসৰি, এই ক্ৰিকেট প্ৰতিযোগিতাখন আজি বাগৰাকোট অঞ্চলত অনুষ্ঠিত হৈছিল। ক্ৰিকেট খেলৰ সময়ত দুয়োপক্ষৰ মাজত কিবা এটা কথাক লৈ কিছু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। লগে লগে খেল আয়োজন কৰা কৰ্তৃপক্ষই দুয়ো পক্ষক বুজোৱাৰ চেষ্টা চলাই যদিও পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়।
সংবাদ সংস্থা এএনআইৰ প্ৰতিবেদন অনুসৰি প্ৰাৰম্ভিক বিবাদে অতি সোনকালেই হিংসাত্মক ৰূপ ধাৰণ কৰে। ইয়াৰ পিছত আৰম্ভ হয় শিলগুটি নিক্ষেপ আৰু ৰাজহুৱা সম্পত্তি ধংস কৰা কাৰ্য।
অৱশ্যে পিছলৈ সেই স্থানত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হয়। ইয়াৰ মাজতে হিংসাত্মক পৰিৱেশৰ সৃষ্টি কৰা একাংশ যুৱককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
কি কথা বা কি কাৰণত এই হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হৈছে সেই কথা এই পৰ্যন্ত জানিব পৰা হোৱা নাই। ইফালে স্থানীয় প্ৰশাসনে সকলোকে শান্তি-সম্প্ৰিত বজাই ৰাখিবলৈ আহ্বান জনাইছে।