শিৱসাগৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। একেটা পৰিয়ালৰে ৫ জনকৈ সদস্য নিৰুদ্দেশৰ খবৰ পোৱা গৈছে।
শিৱসাগৰৰ ৰংঘৰ চাৰিআলিৰ একেটা পৰিয়ালৰ ৫জনকৈ সদস্য বিগত প্ৰায় এসপ্তাহে সন্ধানহীন হৈ থকা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
তথ্য অনুসৰি, বিগত ১৬ জুলাইৰ দিনা ৰংঘৰ চাৰিআলিৰ নিবাসী অৱসৰপ্ৰাপ্ত বেংক কৰ্মচাৰী চৈয়়দ মোজাম্মিল হুছেইন(৬৬), পত্নী চৈয়দা নাজনিন হক(৫৭), জ্যেষ্ঠ পুত্ৰ চৈয়দ মোৱাচ্ছিৰ হুছেইন(৩২) আৰু বোৱাৰীয়েক চৈয়দা তাচনিম নাজলিণ(২৫)য়ে লগত লৈ ৪মহীয়া নাতিনী চৈয়দা তাহেৰা তাব্বাচুমসহ ডিব্ৰুগড়লৈ চিকিৎসাৰ বাবে গৈছিল৷ তেওঁলোকে নাতিনীয়েক তাহেৰা তাব্বাচুমৰ চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ গৈছিল।
২৫ জুলাইলৈকে তেওঁলোকে কনিষ্ঠ পুত্ৰ চৈয়দ মাচুম হুছেইন(২৭)ৰ সৈতে যোগাযোগত আছিল যদিও ২৫ জুলাইৰ আবেলিৰ পৰা তেওঁলোক সংযোগসূত্ৰহীন হৈ পৰে৷ উক্ত দিনাৰ পৰা তেওঁলোকে ব্যৱহাৰ কৰি থকা ম’বাইল নম্বৰ কেইটাও চুইচ-অফ হৈ আছে৷
ম’বাইল নম্বৰ কেইটা চুইচ-অফ হৈ থকাত বিভিন্ন দুঃচিন্তাত ভোগা মাচুম হুছেইনে পিতৃ-মাতৃ তথা ককায়েক-বৌয়েক-ভতিজিৰ সন্ধানত একাধিক স্থানত বিচাৰ-খোচাৰ কৰিছে যদিও তেওঁলোকৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই৷ যাৰ ফলত পিতৃ-মাতৃ তথা ককায়েক-বৌয়েক-ভতিজিক বিচাৰি দিবলৈ অনুৰোধ জনাই মাচুম হুছেইনে জয়সাগৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে৷