ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধই আন দেশকো প্ৰভাৱিত কৰিছে। ইৰাণে সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ৰ এখন চহৰ ডুবাইতো আক্ৰমণ কৰে। আন বহু দেশৰ লোকো আৱদ্ধ হৈ আছে ডুবাইত।
ইফালে, ডুবাইত আৱদ্ধ হৈ থকা লোকসকললৈ সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়িছে বলীউডৰ অভিনেতা সোনু ছুদে। তেওঁ কয় যে, তাত আৱদ্ধ হৈ থকাসকলে তেওঁৰ সৈতে যোগাযোগ কৰিব পাৰে। তেওঁ এই লোকসকলৰ বাবে থকাৰ ব্যৱস্থা বিনামূলীয়াকৈ কৰা হ’ব।
সোনু ছুদে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে, যদি কোনোবাই ডুবাইত চলি থকা উত্তেজনাৰ মাজত আৱদ্ধ হৈ আছে, তেন্তে এই লোকসকলে সহায়ৰ বাবে তেওঁক যোগাযোগ কৰিব পাৰে।যিকোনো ব্যক্তি, ভাৰতীয় হওক বা আন যিকোনো দেশৰ হওক, তেওঁলোকে ইনষ্টাগ্ৰামত সোনু ছুদক মেছেজ কৰিব পাৰে। তেওঁলোকৰ বিনামূলীয়াকৈ থকাৰ ব্যৱস্থা কৰি দিব বুলি নিশ্চিত কৰে সোনু ছুদে।
সঘনাই আৰ্তজনক সহায় কৰা দেখা যায় বলীউডৰ এগৰাকী অভিনেতা সোনু ছুদক। কোভিড-১৯ মহামাৰীৰ সময়ত দেশজোৰা লকডাউনৰ সময়তো তেওঁ মানুহক সহায় কৰিছিল। তেওঁৰ এই মহানুভৱতাক মানুহে অতিশয় শলাগ লয়। ইৰাণ-ইজৰাইলৰ এই যুদ্ধৰ মাজতে আকৌ এবাৰ তেওঁৰ এই সহায়ৰ প্ৰচেষ্টাক একমুখে প্ৰশংসা কৰিছে সকলোৱে।







