অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিলে দক্ষিণ আফ্ৰিকাই। ইংলেণ্ডৰ লৰ্ডছত অনুষ্ঠিত ফাইনেল মেচখনৰ চতুৰ্থ দিনাই দক্ষিণ আফ্ৰিকাই এই ঐতিহাসিক কৃতিত্ব অৰ্জন কৰে।
উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাই শেষবাৰৰ বাবে ১৯৯৮ চনত আই চি চিৰ সন্মানীয় টুৰ্ণামেণ্ট নকআউট জয়ী হৈছিল। তেতিয়াৰ পৰা আজি পৰ্যন্ত অৰ্থাত ২৭ বছৰৰ অপেক্ষাৰ অন্ত পেলাই অৱশেষত আই চি চি টুৰ্ণামেণ্ট জয়ী হ’বলৈ সক্ষম হয় দক্ষিণ আফ্ৰিকা।
টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচখনত দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে ২৮২ ৰানৰ লক্ষ্য বান্ধি দিছিল অষ্ট্ৰেলিয়াই। দক্ষিণ আফ্ৰিকাই ৫টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়।
দক্ষিণ আফ্ৰিকাৰ হৈ দ্বিতীয় ইনিংছত এইডেন মাৰ্কৰামে ১৩৬ ৰানৰ শতকীয় ইনিংছ খেলাৰ বিপৰীতে অধিনায়ক টেম্বা বাভুমাই ৬৬ ৰানৰ ইনিংছ খেলে। দ্বিতীয় ইনিংছত দুয়োজনৰ মাজত হয় ১৪৩ ৰানৰ গুৰুত্বপূৰ্ণ পাৰ্টনাৰশ্বিপ হয়। এই পাৰ্টনাৰশ্বিপৰ বাবেই অষ্ট্ৰেলিয়াক পৰাস্ত কৰিবলৈ সক্ষম হয় দক্ষিণ আফ্ৰিকা।
উল্লেখ্য যে, প্ৰথম ইনিংছত অগ্ৰগতি লাভ কৰাৰ পিছতো ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াই মেচখনত পৰাজয়বৰণ কৰিবলীয়া হোৱাত নিৰাশ হৈ পৰিছে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটো।
সংক্ষেপতে মেচখনৰ স্ক’ৰ কাৰ্ড
অষ্ট্ৰেলিয়া প্ৰথম ইনিংছ- ২১২-১০, সৰ্বাধিক স্ক’ৰ- ৱেবষ্টাৰ- ৭২, ষ্টিভেন স্মিথ-৬৬
বলিং প্ৰদৰ্শন- কাগিছো ৰাবাডা- ৫ উইকেট, মাৰ্কো য়ানছেন- ৩ উইকেট
দক্ষিণ আফ্ৰিকা প্ৰথম ইনিংছ- ১৩৮-১০, সৰ্বাধিক স্ক’ৰ- বেডিংহাম-৪৫, বাভুমা- ৩৬
বলিং প্ৰদৰ্শন- পেট কামিন্স- ৬ উইকেট, ষ্টাৰ্ক- ২ উইকেট
অষ্ট্ৰেলিয়া দ্বিতীয় ইনিংছ- ২০৭-১০, সৰ্বাধিক স্ক’ৰ- ষ্টাৰ্ক-৫৮, এলেক্স কেৰী- ৪৩
বলিং প্ৰদৰ্শন- ৰাবাডা- ৪ উইকেট, লুংগী এনগিডি- ৩ উইকেট
দক্ষিণ আফ্ৰিকা দ্বিতীয় ইনিংছ- ২৮২-৫, সৰ্বাধিক স্ক’ৰ- মাৰ্কৰাম ১৩৬, বাভুমা ৬৬
বলিং প্ৰদৰ্শন- ষ্টাৰ্ক- ৩ উইকেট