শনিবাৰে উত্তৰ কাশ্মীৰৰ হাফৰুডা (কুপৱাৰা)ত সন্ত্ৰাসবাদীৰ এটা গোপন ঘাটিৰ পৰা নিৰাপত্তাৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰৰ লগতে আন বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে। বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত চলোৱা অভিযানত নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীৰ গোপন ঘাটিটোও ধ্বংস কৰি দিয়ে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা তথ্য অনুসৰি হাফৰুদাৰ ড্ৰুড বনাঞ্চলত সন্ত্ৰাসবাদীয়ে এই গোপন ঘাটিটো নিৰ্মাণ কৰিছিল। পাকিস্তানৰ পৰা ভাৰতৰ ভূমিত প্ৰৱেশ কৰা সন্ত্ৰাসবাদীয়ে এই অঞ্চলৰ পৰাই জম্মু-কাশ্মীৰৰ পৰা আভ্যন্তৰীণ অঞ্চলত প্ৰৱেশ কৰে।
সেনাৰ ০২ নং ৰাজপুত ইউনিটৰ জোৱানসকলে বিশেষ তথ্যৰ ভিত্তিত আজি পুৱা ড্ৰুডত তালাচী অভিযান আৰম্ভ কৰিছিল। এই সময়তে তেওঁলোকে অৰণ্যৰ এটা ঠাইত নিৰ্মিত ভূগৰ্ভস্থ সন্ত্ৰাসবাদী আত্মগোপন স্থান আৱিষ্কাৰ কৰে।
তাৰ পৰা এটা আৰ পি জি আৰু আৰ পি জি গ্ৰেনেডৰ উপৰও এটা এছল্ট ৰাইফল, এটা পিষ্টল আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰিছে। নিৰাপত্তাৰক্ষীৰ অভিযানৰ কথা জানিব পাৰি সন্ত্রাসবাদীয়ে সেই স্থানৰ পৰা পলায়ন কৰে।
অৱশ্যে অভিযানকাৰী নিৰাপত্তাৰক্ষীৰ দলটোৱে সম্প্ৰতি সন্ত্ৰাসবাদী কেইজনক কৰায়ত্ত কৰিবলৈ ব্যাপক ৰূপত তালাচী অভিযান আৰম্ভ কৰিছে।