দক্ষিণৰ ছবি জগতৰ জনপ্ৰিয় অভিনেতা বিজয় থালাপতিৰ তামিলাগা ভেট্টি কল্যাণগম (টিভিকে) দলে অহা বছৰ তামিলনাডুত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত ৰাজনৈতিকভাৱে আত্মপ্ৰকাশ কৰিব।
মাদুৰাইত অনুষ্ঠিত দলৰ দ্বিতীয়খন ৰাজ্যিক সন্মিলনৰ সময়ত অভিনেতাৰ পৰা ৰাজনৈতিক নেতা হোৱা বিজয়ে ইংগিত দিয়ে যে তেওঁৰ দলে আগন্তুক নিৰ্বাচনত কেইবাখনো আসনত প্ৰতিদ্বন্দ্বিতা কৰিব।
আজিৰ এই বিশাল ৰাজনৈতিক সভাত বিজয়ে স্পষ্ট কৰি দিয়ে যে তেওঁৰ দলটোৱে শাসকীয় ডি এম কেৰ লগতে বিজেপি বা আন দলৰ সৈতে মিত্ৰতা নকৰে। অহা বছৰ অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত টিভিকেই অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলিও ঘোষণা কৰে বিজয় থালাপতিয়ে।
আজিৰ এই জনসভাত বিজয়ে বিজেপিক দলৰ ‘একমাত্ৰ মতাদৰ্শগত বিৰোধী’ আৰু ডিএমকেক ‘কেৱল ৰাজনৈতিক বিৰোধী’ বুলি অভিহিত কৰে। বিজেপি কোনো ফেক্টৰ নহয় বুলি উল্লেখ কৰি তেওঁ দৃঢ়তাৰে কয় যে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ডি এম কে আৰু টিভিকেৰ মাজত মূল যুঁজ হ’ব।