নৰ্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে লুকআউট জাননী জাৰি কৰা হৈছে। ইয়াৰ উপৰি তেওঁলোকৰ বেংক একাউণ্ট, ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডো ফ্ৰীজ কৰা হৈছে। শনিবাৰে এই কথা জানিব দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
ফেচবুক লাইভৰ জৰিয়তে মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই মহন্ত আৰু শৰ্মা দুয়োকে ৬ অক্টোবৰৰ ভিতৰত চিআইডিৰ সন্মুখত হাজিৰ হ’বলৈ আহ্বান জনায়। যদিহে বান্ধি দিয়া সময় অনুসৰি দুয়োজন চিআইডিৰ সন্মুখত হাজিৰ নহয় তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ’ব বুলিও সকীয়নি দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।
মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘এয়া জুবিনৰ অসম। আমি ইয়াক নেপাল হ’বলৈ নিদিও। ৰাইজে জুবিনৰ ন্যায় বিচাৰে। আমি সেইটো বুজি পাওঁ। কিন্তু হিংসাৰ দ্বাৰা নহয়।’
ইফালে মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে দুয়োজনৰ বিৰুদ্ধে লুকআউট জাননী জাৰি কৰাৰ কাৰণ হৈছে যাতে তেওঁলোকে বিদেশলৈ পলাই যাব নোৱাৰে। এই সন্দৰ্ভত তেওঁ কয়, ‘এয়া চৰকাৰৰ মাষ্টাৰষ্ট্ৰোক। তেওঁলোক দেশৰ বাহিৰত বেছি দিন থাকিব নোৱাৰে। তদন্তৰ সন্মুখীন হ’বই লাগিব।’
জুবিনৰ মৃত্যুৰ সৈতে জড়িত সকলোকে আইনৰ সন্মুখত অনা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘আমি সকলোকে আশ্বাস দিছো যে ন্যায় হ’ব। কিন্তু আইন-শৃংখলা বজাই ৰাখিব লাগিব।’