এগৰাকী নিৰুদ্দেশ যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ উত্তপ্ত হৈ পৰিছে তিতাবৰ। অভিযুক্তৰ স্বীকাৰোক্তিত অৱশেষত উদ্ধাৰ নিৰুদ্দেশ হৈ থকা ছাত্ৰীগৰাকীৰ মৃতদেহ। তিতাবৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে যুৱতী গৰাকীৰ আত্মীয়ই।
ঘটনাৰ বিৱৰণ অনুসৰি, ৭ নৱেম্বৰত কলেজলৈ যোৱা পথৰ পৰাই সন্ধানহীন হৈ আছিল ছাত্ৰীগৰাকী।তিতাবৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যুৱতী গৰাকীৰ পৰিয়ালে। জানিব পৰা মতে, ছাত্ৰীগৰাকী অন্তঃসত্ত্বাও আছিল। মহাবিদ্যালয়ৰ ইউনিফৰ্মত উদ্ধাৰ কৰা হৈছে ছাত্ৰীগৰাকী মৃতদেহ। অভিযুক্ত জগত সিঙৰ স্বীকাৰোক্তিৰ ভিত্তিত উদ্ধাৰ হয় ছাত্ৰীগৰাকীৰ মৃতদেহ।
জগত সিঙে ছাত্ৰী গৰাকীক হত্যা কৰি নিজৰ দোকানৰ পিছফালে থকা শৌচাগাৰৰ টেংকীত ভৰাই থৈছিল মৃতদেহটো। সন্দেহৰ ভিত্তিত প্ৰথমে আৰক্ষীয়ে আটক কৰে জগত সিঙক। অভিযুক্তৰ স্বীকাৰোক্তিৰ পিছত পুৱতি নিশা মৃতদেহটো উদ্ধাৰ কৰে আৰক্ষীয়ে। মহাবিদ্যালয়ৰ ইউনিফৰ্মতে উদ্ধাৰ হয় ছাত্ৰী গৰাকী মৃতদেহ।
ইফালে অভিযুক্তৰ উচিত শাস্তি বিচাৰি দল-সংগঠনে প্ৰতিবাদী কা্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড ব্যৱসায়ী জগত সিঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান।











