ছিকিমত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। উত্তৰ ছিকিমৰ মংগন জিলাত এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা ১০০ ফুট তলত বাগৰি পৰে। এই ঘটনাত আই আই টি ধনবাদৰ ১০ জন শিক্ষাৰ্থী আহত হয়। এই শিক্ষাৰ্থী কেইজনে এখন টুৰিষ্ট বাছেৰে যাত্ৰা কৰি আছিল।
বাছখনে ছয় জন ল’ৰা আৰু চাৰিগৰাকী ছোৱালীক লগত লৈ গৈ থকা সময়তে পাখেপ বনাঞ্চলৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা প্ৰায় ১০০ ফুট তলৰ খাৱৈত বাগৰি পৰে।
শনিবাৰে নিশা প্ৰায় ৯.৩০ বজাত বাছখনে লাছুঙৰ পৰা ছিকিমৰ ৰাজধানী গেংটকৰ দিশে গৈ আছিল। দুৰ্ঘটনাটোত বাছখনৰ চালক আৰু শিক্ষাৰ্থী কেইজন সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হয়। তিনিজন শিক্ষাৰ্থীক গেংটকৰ এছটিএনএম হাস্পতালত ভৰ্তি কৰোৱা হয়।