ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গৈছে অসম-মেঘালয় সীমান্ত। আল্ট্ৰা বাছে পিছফালৰ পৰা বলে’ৰ পিক আপ বাহনক খুন্দা মৰাৰ ফলত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত কেইবাজনো লোক আহত হয়। অসম-মেঘালয় সীমান্তৰ কোনাৰচৰৰ জেলদুপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে ।
জানিব পৰা মতে, একে দিশতে গৈ থকা আল্ট্ৰা বাছখনে বলে’ৰ পিক আপ বাহনখনক পিছফালৰ পৰা খুন্দা মৰাৰ ফলত বলে’ৰ পিকআপ গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষৰ দ-পুখুৰীত বাগৰি পৰে।
ইফালে,আল্ট্ৰা বাছখন ৰাস্তাৰ কাষতে থকা এঘৰ মানুহৰ ঘৰৰ দেৱালত খুন্দা মাৰি দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনা পতিত হোৱা আল্ট্ৰা বাছখনৰ নম্বৰ হৈছে AS-17B-7612 ।
অৱশ্যে আলট্ৰা বাছত থকা যাত্ৰীসকল কোনোমতে প্ৰাণ ৰক্ষা পৰে যদিও দুগৰাকী যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।
সম্প্ৰতি মেঘালয়ৰ আৰক্ষী ঘটনাৰ তদন্তৰ কাৰণে ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।