মধ্যপ্ৰদেশৰ ইন্দোৰ জিলাত সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা। বিমানবন্দৰ পথৰ শিক্ষক নগৰত এখন অনিয়ন্ত্ৰিত ট্ৰাকে কেইবাখনো বাহনৰ লগতে কেইবাজনো পথচাৰীক মহতিয়াই লৈ যায়। এই ঘটনাত ৩জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। বহু লোক গুৰুতৰভাৱে আহত হৈছে।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলত উপস্থিত থকা লোকসকলে লগে লগে আহতসকলক চিকিৎসালয়লৈ নিবলৈ আৰম্ভ কৰে। একে সময়তে আৰক্ষীও সেই স্থানত উপস্থিত হয়।
ইফালে দুৰ্ঘটনাটোৰ ফলত মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি আশংকা কৰা হৈছে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ট্ৰাকখনে অংকিত হোটেল আৰু গীতাঞ্জলি হাস্পতালৰ মাজত এই দুৰ্ঘটনাটো সংঘটিত কৰে। ক্ষুব্ধ স্থানীয় লোকসকলে জ্বলাই দিয়ে ট্ৰাকখন। অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে।
দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকজনক আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায়। সম্প্ৰতি পৰিস্থিতি যাতে অৱনমিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে আৰক্ষীৰ বৃহত বাহিনী মোতায়েন কৰিছে।