পোপ ফ্ৰান্সিছৰ দেহাৱসানৰ পিছত ভেটিকানে এতিয়া নতুন পোপৰ বাবে অপেক্ষা কৰি আছে। অৱশ্যে নতুন পোপ বিষয়ে কেতিয়া ঘোষণা কৰা হ’ব সেই সন্দৰ্ভত কোনো তথ্য নাই।
ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এখন ছবি পোহৰলৈ আহিছে। ছবিখনত ট্ৰাম্পক পোপৰ দৰে সাজ-পোছাক পৰিধান কৰি চকী এখনত বহি থকা দেখা গৈছে। এই ফটোখন ট্ৰাম্পৰ ছ’চিয়েল মিডিয়া একাউণ্টত শ্বেয়াৰ কৰা হৈছে।
ট্ৰাম্পে পোষ্ট কৰা এই ছবিখনত তেওঁ চকী এখনত বহি পোপৰ দৰে পোজ দিছে। এই পোষ্টটোৱে ছচিয়েল মিডিয়াত উত্তাল কৰি তুলিছে।
পোপ ফ্ৰান্সিছৰ মৃত্যুক লৈ একাংশ লোকে ইয়াক কৌতুক বুলি অভিহিত কৰিছে। আচলতে এই ছবিখন AI জেনেৰেটেড। এই ছবিখনো ভাইৰেল হৈছে কাৰণ কিছুদিন পূৰ্বে ট্ৰাম্পে ধেমালিতে কৈছিল যে তেওঁ পোপ হ’ব বিচাৰিব। একাংশ লোকে এই ছবিখন ধেমালি হিচাপে লৈছে, আনহাতে একাংশই ট্ৰাম্পক পোপ ফ্ৰান্সিছৰ মৃত্যুক লৈ ঠাট্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে।
উল্লেখ্য যে, যোৱা মাহত পোপ ফ্ৰান্সিছৰ মৃত্যু হৈছিল। ট্ৰাম্পকে ধৰি বহু ডাঙৰ ব্যক্তিয়ে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে। শেহতীয়াকৈ ভেটিকানত নতুন পোপ নিৰ্বাচনৰ বাবে চিমনি স্থাপন কৰা হৈছিল। অৰ্থাৎ ইয়াৰ দ্বাৰা নতুন পোপ নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ ইংগিত পোৱা গৈছিল। নতুন পোপৰ কথা হয়তো অতি সোনকালে ঘোষণা কৰা হ’ব।
ট্ৰাম্পৰ এই এআই জেনেৰেটেড ফটোখনক লৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে নিজৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এজন ব্যৱহাৰকাৰীয়ে ইয়াক ঘৃণনীয় আৰু অপমানজনক বুলি অভিহিত কৰিছে। আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, এয়া কেথলিকসকলৰ বাবে অপমানজনক।কেথলিকসকলৰ নতুন পোপ নিৰ্বাচনৰ প্ৰক্ৰিয়াটোক উপহাস নকৰিবলৈ আহ্বান জনাই বহুজনে।