আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে লৈছে এক চাঞ্চল্যকৰ সিদ্ধান্ত। এতিয়া তেওঁ শুল্ক সম্পৰ্কীয় চলি থকা বিষয়টোত ছবি উদ্যোগকো অন্তৰ্ভুক্ত কৰিছে।
আমেৰিকাৰ বাহিৰত নিৰ্মিত ছবিৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰিছে ট্ৰাম্পে। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব পাৰে হলীউডত। এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি এই তথ্য প্ৰদান কৰিছে ট্ৰাম্পে।
এই পোষ্টত ট্ৰাম্পে লিখিছে যে, আমেৰিকাৰ চিনেমা উদ্যোগটো অতি দ্ৰুতগতিত মৃত্যুমুখত পৰিছে। দেশখনৰ চিনেমা নিৰ্মাতা আৰু ষ্টুডিঅ’ক আমেৰিকাৰ পৰা আঁতৰাই নিবলৈ আন দেশসমূহে বিভিন্ন প্ৰৰোচনামূলক আঁচনি আগবঢ়াইছে। হলীউড আৰু আমেৰিকাৰ আন বহু অঞ্চল ধ্বংস কৰা হৈছে। এয়া আন দেশৰ সুপৰিকল্পিত প্ৰচেষ্টা আৰু সেয়েহে ই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি।
এই শুল্ক সন্দৰ্ভত ট্ৰাম্পে লিখিছে যে, তেওঁ বাণিজ্য বিভাগ আৰু আমেৰিকাৰ বাণিজ্য প্ৰতিনিধিক কৰ্তৃত্ব দিছে যে তেওঁলোকে বিদেশত নিৰ্মিত আৰু আমেৰিকালৈ আমদানিকৃত সকলো ছবিৰ ওপৰত ১০০% শুল্ক আৰোপ কৰাৰ প্ৰক্ৰিয়া তৎক্ষণাত আৰম্ভ কৰিব লাগে।
ট্ৰাম্পৰ ১০০ শতাংশ শুল্ক সিদ্ধান্তৰ প্ৰত্যক্ষ প্ৰভাৱ হলীউডত পৰিব। হলীউডত নিৰ্মাণ হৈ থকা চিনেমাবোৰৰ বাবে এতিয়া হয়তো অধিক খৰচ হ’ব। ট্ৰাম্পৰ মতে বিদেশত নিৰ্মাণ হৈ থকা ছবিৰ ফলত আমেৰিকাৰ যথেষ্ট ক্ষতি হৈছে।