ৰাছিয়াৰ পৰা তেল আমদানি কৰাৰ বাবে ভাৰতৰ ওপৰত ক্ষুব্ধ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৫০ শতাংশ শুল্ক আৰোপ কৰিছে, যাৰ বিৰোধিতা তেওঁৰ নিজৰ দেশতেই চলি আছে। বহু বিশেষজ্ঞই ভাৰতৰ ওপৰত ট্ৰাম্পে আৰোপ কৰা গধুৰ শুল্কৰ বিৰোধিতা কৰিছে।
আনকি এগৰাকী বিশেষজ্ঞই ট্ৰাম্পক ভাৰতৰ ওচৰত ক্ষমা খুজি শুল্ক শূন্য কৰিবলৈও পৰামৰ্শ দিছে। নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক এডৱাৰ্ড প্ৰাইছে কয় যে, একবিংশ শতিকা গঢ় দিয়াৰ ক্ষেত্ৰত ভাৰতৰ নিৰ্ণায়ক ভোট আছে। ট্ৰাম্পৰ এই সিদ্ধান্তত অধিক আশ্চৰ্য্য প্ৰকাশ কৰি তেওঁ ভাৰতৰ সৈতে আমেৰিকাৰ সম্পৰ্কক গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে।
তেওঁ কয় যে, ভাৰত আৰু আমেৰিকাৰ মাজৰ অংশীদাৰিত্বক একবিংশ শতিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব। এই অংশীদাৰিত্বই চীন আৰু ৰাছিয়াৰ মাজত কি হ’ব সেইটো নিৰ্ণয় কৰিব। একবিংশ শতিকাত ভাৰতৰ নিৰ্ণায়ক ভোট আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কিয় ৫০ শতাংশ শুল্ক আৰোপ কৰিছে সেয়া মই বুজিব পৰা নাই।