সনাতন ধৰ্মত, তুলসী উদ্ভিদক অতি শুভ আৰু পৱিত্ৰ বুলি গণ্য কৰা হয়। জন বিশ্বাসমতে, দেৱী লক্ষ্মীয়ে তুলসী গছত বাস কৰে। কোৱা হয় যে, তুলসী গছত নিয়মীয়াকৈ পানী ঢালি উপাসনা কৰিলে দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব পাৰি।
সনাতন ধৰ্মত তুলসী উদ্ভিদৰ বিশেষ গুৰুত্ব আছে। কোৱা হয় যে, প্ৰতিদিনে ৰাতিপুৱা গা ধোৱাৰ পিছত তুলসী গছত পানী ঢালিলে আৰু সন্ধিয়া চাকি জ্বলাই সন্তুষ্ট হয় দেৱী লক্ষ্মী। শাস্ত্ৰ অনুসৰি, তুলসী গছ ভগৱান বিষ্ণুৰ অতি প্ৰিয়। সেয়েহে, ভগৱান বিষ্ণুৰ আশীৰ্বাদ লাভ কৰিবলৈ তেওঁৰ পূজাত তুলসী পাত অৰ্পন কৰিব লাগে।
তুলসী পাত অবিহনে শ্ৰী হৰিৰ উপাসনা অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। বাস্তু শাস্ত্ৰত, তুলসী উদ্ভিদৰ বিশেষ গুৰুত্ব থকা বুলি বৰ্ণনা কৰা হৈছে। কোৱা হয় যে, তুলসী উদ্ভিদে ঘৰত ইতিবাচক শক্তি প্ৰেৰণ কৰে। ঘৰখনলৈ সুখ আৰু সমৃদ্ধি আনি দিয়ে। এইটো বিশ্বাস কৰা হয় যে, তুলসীৰ প্ৰতিটো অংশ অতি গুৰুত্বপূৰ্ণ আৰু অলৌকিক। ই আমাৰ জীৱনৰ বহুতো সমস্যা দূৰ কৰিব পাৰে।
জানো আহক তুলসী পাতৰ মহত্ব-
- ভগৱান ভোলেনাথৰ পূজাত কেতিয়াও তুলসীৰ পাত আগবঢ়াব নালাগে, ইয়াৰ পৰিৱৰ্তে শিৱলিংগত তুলসী গছৰ গুটি বা মঞ্জৰী আগবঢ়াব পাৰে। ই আমাক আৰ্থিকভাৱে সবল হোৱাত সহায় কৰে।
- ঘৰৰ তুলসী গছৰ গুটি আনি উপাসনাৰ সময়ত মন্দিৰত দেৱী লক্ষ্মীক আগবঢ়াব লাগে, এনে কৰিলে কেতিয়াও বিত্তীয় সীমাবদ্ধতাৰ সন্মুখীন হ’ব নালাগে।
- হিন্দু ধৰ্মত, তুলসীৰ আৰু গংগা পানী দুয়োটাকে পবিত্ৰ বুলি গণ্য কৰা হয়। যদি তুলসী গছৰ গুটি গংগা পানীত মিহলি কৰি ঘৰৰ উত্তৰ দিশত ৰখা হয়, তেতিয়া ই অৰ্থনৈতিক লাভালাভ প্ৰদান কৰে।
- তুলসীৰ গুটি ৰঙা কাপোৰত ঘৰৰ আলমাৰিত ৰাখিলে কেতিয়াও আৰ্থিক সীমাবদ্ধতাৰ সন্মুখীন হ’ব নালাগে।