দিল্লীৰ তিছ হাজাৰী আদালতে বৃহস্পতিবাৰে ধৰ্ষণৰ অভিযোগত অভিযুক্ত টিভি অভিনেতা আশীষ কাপুৰক জামিন মঞ্জুৰ কৰে। উল্লেখ্য যে, বিগত ২ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ পুনেৰ পৰা আশীষ কাপুৰক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও আৰক্ষীৰ ৰিমাণ্ডৰ পিছত ৬ ছেপ্টেম্বৰত আদালতে আশীষ কাপুৰক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।
১০ ছেপ্টেম্বৰত অতিৰিক্ত অধিবেশন ন্যায়াধীশ ভূপিন্দৰ সিঙে ১ লাখ টকাৰ জামিন বণ্ড আৰু একে পৰিমাণৰ ছিকিউৰিটি বণ্ডৰ ভিত্তিত আশীষ কাপুৰক জামিন মঞ্জুৰ কৰে। জামিন মঞ্জুৰ কৰাৰ সময়ত আদালতে অধিবক্তাৰ যুক্তি, ৰেকৰ্ডত থকা সামগ্ৰী, চিচিটিভি ফুটেজ আদি বিবেচনা কৰে।
আদালতে কয় যে, আৰক্ষীয়ে অভিযুক্তক পাঁচ দিনৰ আৰক্ষী জিম্মাত বিচাৰিছিল, ইয়াৰে ন্যায়িক দণ্ডাধীশ প্ৰথম শ্ৰেণীৰ কেন্দ্ৰীয় জিলাই মাত্ৰ ৪ দিনৰ ৰিমাণ্ড দিছিল। তদন্তৰ ত্ৰুটিসমূহ আঙুলিয়াই দি আদালতে কয় যে, আৰক্ষীৰ জিম্মাত লোৱাৰ পিছতো অভিযুক্তৰ মোবাইল ফোন উদ্ধাৰৰ বাবে কোনো গুৰুতৰ প্ৰচেষ্টা চলোৱা হোৱা নাছিল। আইন অনুসৰি কোনো ধৰণৰ তালাচী চলোৱা হোৱা নাছিল। অভিযুক্তই তদন্তত সহযোগ নকৰাৰ কথা ৰেকৰ্ডত একোৱেই নাই।
অভিযুক্ত আশীষ কাপুৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মিছা বুলি যুক্তি আগবঢ়াই অধিবক্তা দীপক শৰ্মাই। এই গোচৰটো কেৱল ধন দাবীৰ উদ্দেশ্যেৰে ৰুজু কৰা হৈছে। অভিযোগকাৰীৰে এবাৰ জনকপুৰী আৰক্ষী থানাতো নিজৰ ঘৰৰ মালিকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।
ইয়াৰ পূৰ্বে অধিবক্তা দীপক শৰ্মাই আৰক্ষীৰ জিম্মাত লোৱাৰ বিৰোধিতা কৰি কয় যে, কথিত সহ অভিযুক্ত কপিল গুপ্তাই ইতিমধ্যে আগতীয়া জামিন লাভ কৰিছে। সেয়েহে আশীষ কাপুৰৰ জিম্মাত লোৱাৰ কোনো প্ৰয়োজন নাই। কপিল গুপ্তা এখন বিমান সংস্থাৰ পাইলট আৰু ঋতু গুপ্তা এগৰাকী ব্যৱসায়ী।