জেনেভাত আমেৰিকা আৰু ইউক্ৰেইনৰ মাজত চলি থকা আলোচনাৰ মাজতে ৰাছিয়াই কিয়ভত ব্যাপক বিমান আক্ৰমণ চলাইছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে বৃহস্পতিবাৰে কয় যে ৰাছিয়াই ৪২০খন ড্ৰ’ন আৰু ৩৯টা ক্ষেপণাস্ত্ৰৰে ইউক্ৰেইনক নিশাটোৰ ভিতৰতে আক্ৰমণ কৰে। এতিয়া পঞ্চম বছৰত ভৰি দিয়া যুদ্ধৰ অন্ত পেলাবলৈ আমেৰিকা আৰু ইউক্ৰেইনৰ দূতে জেনেভাত অধিক আলোচনা অনুষ্ঠিত কৰাৰ কেইঘণ্টামান পূৰ্বে এই আক্ৰমণ সংঘটিত হয়। ইউক্ৰেইনৰ আঠটা অঞ্চলৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু আৱাসিক অঞ্চলক লক্ষ্য কৰি এই আক্ৰমণত ১১টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰা হৈছে বুলি জেলেনস্কিয়ে কয়। বিষয়াসকলৰ মতে, শিশুসহ কেইবা ডজন লোক আহত হৈছে যদিও ক্ষয়-ক্ষতিৰ সঠিক সংখ্যা তৎক্ষণাত নিশ্চিত হোৱা নাই।
বুধবাৰে গভীৰ নিশা জেলেনস্কিয়ে কয় যে তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ফোনযোগে কথা পাতিছিল আৰু শান্তি আলোচনা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁৰ প্ৰচেষ্টা আৰু অংশগ্ৰহণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে। আমেৰিকাৰ মধ্যস্থতাত মস্কো আৰু কিয়ভৰ মাজত আলোচনা চলি আছে যদিও ৰাছিয়াই দাবী কৰা ইউক্ৰেইনৰ ভূখণ্ডৰ বিষয়টোক লৈ অচলাৱস্থা অব্যাহত আছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে শীৰ্ষ সন্মিলন বিচাৰিছে জেলেনস্কিয়ে কয় যে চুক্তিত উপনীত হ’বলৈ মুখামুখি বৈঠক গুৰুত্বপূৰ্ণ হ’ব পাৰে। অৱশ্যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক মস্কোলৈ নিমন্ত্ৰণ কৰাৰ বাহিৰে ক্ৰেমলিনে এই প্ৰস্তাৱ নাকচ কৰিছে, যিটো জেলেনস্কিয়ে নাকচ কৰিছিল।
আলোচনাত ট্ৰাম্পৰ প্ৰতিনিধি ষ্টিভ উইটকফ আৰু জেৰেড কুছনাৰে অংশগ্ৰহণ কৰে। ইৰাণৰ সৈতে পাৰমাণৱিক আলোচনাৰ বিষয়ে আলোচনা কৰি ইউক্ৰেইন যুদ্ধৰ বিষয়ে আলোচনা কৰিবলৈ জেনেভাত উপস্থিত হয়। তেওঁলোকে ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু প্ৰতিৰক্ষা পৰিষদৰ মুৰব্বী ৰুষ্টাম উমেৰভৰ সৈতে সাক্ষাৎ কৰে আৰু তেওঁও জেলেনস্কিৰ সৈতে ট্ৰাম্পৰ বাৰ্তালাপত যোগদান কৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত উমেৰভে কয় যে দূতসকলে ইউক্ৰেইনলৈ অৰ্থনৈতিক সাহায্য, পুনৰ্গঠন, বিনিয়োগ আকৰ্ষণৰ উপায়, আৰু দীৰ্ঘম্যাদী সহযোগিতাৰ কাঠামোৰ বিষয়ে আলোচনা কৰে। তেওঁৰ মতে, বৈঠকত ৰাছিয়াৰ সৈতে জড়িত পৰৱৰ্তী ৰাউণ্ডৰ ত্ৰিপাক্ষিক আলোচনাৰ প্ৰস্তুতিৰ লগতে সম্ভাৱ্য বন্দী বিনিময়ৰ বিষয়েও আলোচনা কৰা হয়।
জেলেনস্কিয়ে প্ৰকাশ কৰা অনুসৰি ৰাছিয়াই প’লটাভা অঞ্চলৰ গেছৰ আন্তঃগাঁথনি আৰু কিয়ভ আৰু ড্নিপ্ৰ’ অঞ্চলৰ শক্তি উপকেন্দ্ৰসমূহ আক্ৰমণ কৰে। ৰাজধানী কিয়ভকে ধৰি আন পাঁচটা অঞ্চলত জৰুৰীকালীন দল উপস্থিত হয়। ইউক্ৰেইনৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ৰাছিয়াৰ বেছিভাগ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা বুলি কয় জেলেনস্কিয়ে আৰু অতিৰিক্ত বায়ু প্ৰতিৰক্ষা অস্ত্ৰ সময়মতে যোগান ধৰাৰ বাবে পশ্চিমীয়া মিত্ৰ দেশসমূহক ধন্যবাদ জনায়। ৰাছিয়াৰ বৃহৎ সেনাৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিবলৈ ইউক্ৰেইনক বিদেশী সাহায্যৰ অতি প্ৰয়োজন।
ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী এণ্ড্ৰি ছিবিহাই মিত্ৰশক্তিৰ ওচৰত অধিক সামৰিক সহায়ৰ বাবে আবেদন জনায়। বৈদেশিক মন্ত্ৰালয়ৰ ৱেবছাইটত প্ৰকাশ কৰা এটা পোষ্টত তেওঁ কয় যে সমগ্ৰ বিশ্বই মস্কোক এই অৰ্থহীন যুদ্ধ বন্ধ কৰাৰ দাবী জনাইছে যদিও পুটিনে অধিক সন্ত্ৰাস, আক্ৰমণ, আগ্ৰাসনৰ আশ্ৰয় লৈছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, তেওঁলোকৰ বায়ু প্ৰতিৰক্ষাই ৰাছিয়াৰ কেইবাটাও অঞ্চলৰ লগতে ক’লা সাগৰ আৰু আজ’ভ সাগৰৰ ওপৰেৰে নিশাটোৰ ভিতৰতে ১৭খন ইউক্ৰেইনৰ ড্ৰ’ন নিক্ষেপ কৰে। ইউক্ৰেইনৰ থলুৱা দীৰ্ঘ দূৰত্বৰ ড্ৰ’নে ৰাছিয়াৰ গভীৰতম তেল শোধনাগাৰ, ইন্ধন ডিপো, সামৰিক লজিষ্টিক কেন্দ্ৰ আদি আক্ৰমণ কৰিছে।
তাৎপৰ্যপূৰ্ণভাৱে পূৰ্বৰ আলোচনাত ৰাছিয়াৰ প্ৰতিনিধি দলৰ মুৰব্বী ভ্লাদিমিৰ মেডিনস্কিয়ে বৃহস্পতিবাৰে কয় যে ৰাছিয়াই ১০০০ পতিত ইউক্ৰেইনৰ সৈনিকৰ মৃতদেহ ইউক্ৰেইনক গতাই দিয়ে আৰু বিনিময়ত নিজৰ ৩৫ জনৰ মৃতদেহ লাভ কৰে। এই আদান-প্ৰদান কেতিয়া হৈছিল সেই কথা তেওঁ নিৰ্দিষ্ট কৰা নাছিল। ইউক্ৰেইনৰ যুদ্ধবন্দী সমন্বয় মুখ্য কাৰ্যালয়ে পিছত মৃতদেহসমূহ ঘূৰাই অনাটো নিশ্চিত কৰে যদিও ৰাছিয়াৰ পক্ষৰ পৰা পোৱা প্ৰাথমিক তথ্যৰ পৰা অনুমান কৰা হৈছে যে এই মৃতদেহসমূহ ইউক্ৰেইনৰ পলায়নকাৰীৰ হ’ব পাৰে।







