কোন হ’ব উত্তৰ প্ৰদেশ বিজেপিৰ পৰৱৰ্তী ৰাজ্যিক সভাপতি। নতুন সভাপতিৰ নাম ঠিৰাং কৰিবলৈ উত্তৰ প্ৰদেশ বিজেপিয়ে দলৰ হাইকমাণ্ডলৈ প্ৰেৰণ কৰিছে সভাপতিৰ নামৰ তালিকা। জাতি সমীকৰণৰ প্ৰতি লক্ষ্য ৰাখি এই তালিকা প্ৰস্তুত কৰা হৈছে বুলি জানিব পৰা গৈছে।
হাইকমাণ্ডলৈ প্ৰেৰণ কৰা এই তালিকাত আছে দুজন ব্ৰাহ্মণ, দুজন পিছ পৰা আৰু দুজন দলিত শ্ৰেণীৰ। দলৰ এগৰাকী জ্যেষ্ঠ নেতাই কয় যে এই নামসমূহৰ পৰাই ৰাজ্যৰ পৰৱৰ্তী সভাপতি বাছনি কৰা হ’ব।
বিজেপিৰ বৰ্তমানৰ ৰাজ্যিক সভাপতি ভূপেন্দ্ৰ চৌধুৰী পশ্চিম উত্তৰ প্ৰদেশৰ এগৰাকী জাট নেতা হিচাপে পৰিচিত। এতিয়া তেওঁৰ ঠাইত কোনে পৰৱৰ্তী সভাপতি হিচাপে দায়িত্ব লাভ কৰিব সেয়া অতি শীঘ্ৰে স্পষ্ট হৈ পৰিব।
উল্লেখ্য যে, ২০২৭ চনত উত্তৰ প্ৰদেশত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ পৰৱৰ্তী ৰাজ্যিক সভাপতি হিচাপে কাক দায়িত্ব প্ৰদান কৰিব সেয়া বিজেপি হাইকমাণ্ডৰ সন্মুখত অন্যতম গুৰুত্বপূৰ্ণ সিদ্ধান্ত হিচাপে বিবেচিত হ’ব।
হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি ৰাজ্যিক সভাপতিৰ বাবে বিজেপি হাইকমাণ্ডলৈ প্ৰেৰণ কৰা নামসমূহৰ ভিতৰত আছে দুই ব্ৰাহ্মণ মুখ, প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী দীনেশ শৰ্মা আৰু বস্তি সমষ্টিৰ সাংসদ হৰিশ দ্বিবেদী।
আনহাতে পিছ পৰা শ্ৰেণীৰ জাতিৰ পৰা যোগী চৰকাৰৰ মন্ত্ৰী ধৰ্মপাল সিং আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী বিএল বাৰ্মাৰ নাম প্ৰেৰণ কৰা হৈছে। ইয়াৰ উপৰি দলিত শ্ৰেণীৰ পৰা ৰাজ্যিক সভাপতিৰ বাবে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শংকৰ কঠেৰীয়া আৰু বৰ্তমানৰএম এল চি বিদ্যা সাগৰ ছোনকৰৰ নাম হাইকমাণ্ডলৈ প্ৰেৰণ কৰিছে উত্তৰ প্ৰদেশ বিজেপিয়ে।