কিচমিচ হৈছে এবিধ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী ফল। ইয়াক বিভিন্ন ধৰণৰ খাদ্যত ব্যৱহাৰ কৰা হয় যিয়ে খাদ্য অধিক সোৱাদযুক্ত কৰি তোলে। ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ, পটাছিয়াম, কেলচিয়াম আৰু মেগনেছিয়াম থাকে।
কিচমিচ মিহলোৱা পানীৰো একেধৰণেই আছে বহু উপকাৰি। এই পানী প্ৰস্তুত কৰিবলৈ দুকাপ পানী উতলাই লৈ তাত একাপ কিচমিচ দি ৮ ঘণ্টামান ৰাখিব লাগে। তাৰ পাছত সেই পানী চেকি খাব লাগে। এই পানীয়ে আমাৰ শৰীৰক যথেষ্ট পুষ্টি প্ৰদান কৰে।
জানো আহক ইয়াৰ অন্য উপকাৰিতাসমূহৰ বিষয়ে-
- কিচমিচ পানীত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে, যিয়ে শৰীৰৰ কোষক ফ্ৰী ৰেডিকেলৰ ক্ষতিৰ পৰা ৰক্ষা কৰে আৰু মগজুৰ কাৰ্যক্ষমতা উন্নত কৰাত সহায় কৰে।
- কিচমিচ আইৰণৰ এক উৎকৃষ্ট উৎস। যিয়ে শৰীৰৰ বাবে প্ৰয়োজনীয় অক্সিজেনৰ যোগান ধৰাৰ লগতে ৰক্তকণিকা গঠনত সহায় কৰে।ৰক্তহীনতাত ভোগাসকলৰ বাবে ই যথেষ্ট উপকাৰী।
- কিচমিচ মিহলোৱা পানীয়ে ৰক্ত সঞ্চালন উন্নত কৰে। ইয়াৰ ফলত চুলিৰ গুৰিবোৰ মজবুত হয় আৰু চুলি সৰা কম হয়।
- ই ফেৰুলিক এচিড, ৰুটিন, কুৱেৰচেটিন, ট্ৰেন্স-কেফটাৰিক এচিড আদি যৌগৰে সমৃদ্ধ। যিয়ে কেন্সাৰ, টাইপ ২ ডায়বেটিছ আৰু এলজেইমাৰৰ পৰা শৰীৰক ৰক্ষা কৰে।
- ইয়াত থকা প্ৰাকৃতিক চেনীয়ে শৰীৰত তৎক্ষণাত শক্তি প্ৰদান কৰে।
- কিচমিচ পানীত থকা এণ্টি অক্সিডেণ্ট আৰু আৰু ভিটামিন Cয়ে ছালৰ হেৰুওৱা উজ্জ্বলতা ঘূৰাই অনাত সহায় কৰে।
- কিচমিচৰ পানীয়ে শৰীৰক প্ৰয়োজনীয় Fructose আৰু Glucoseৰ যোগান ধৰে। যিয়ে শৰীৰত অস্বাস্থ্যকৰ কলেষ্ট’ৰেল জমা নকৰাকৈ দেহৰ ওজন বঢ়োৱাত সহায় কৰে।
- কিচমিচৰ পানী পটাছিয়ামেৰে সমৃদ্ধ হোৱা বাবে উচ্চ ৰক্তচাপ হ্ৰাস কৰাত আৰু ৰক্তনলীৰ জঠৰতা হ্ৰাস কৰাত সহায় কৰে।