দেশত প্ৰতিদিনে বৃদ্ধি পাইছে নাৰীজনিত অপৰাধমূলক ঘটনা। শিশুৰ পৰা বৃদ্ধলৈকে কোনো সাৰি যাব নোৱাৰে একাংশ পাষাণৰ কবলৰ পৰা।
শেহতীয়াকৈ শিশুৰ ওপৰত হোৱা এক জঘন্য কাণ্ডই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। আাদালতে এজন ১৫ বছৰীয়া কিশোৰক প্ৰদান কৰিছে কঠোৰ শাস্তি।
এই ঘটনা উত্তৰ প্ৰদেশ, কানপুৰৰ। অভিযোগ অনুসৰি, ১৫ বছৰীয়া এই কিশোৰজনে ৩ বছৰীয়া এটি শিশুৰ সৈতে অপকৰ্ম সংঘটিত কৰে।যাৰ বাবে আদালতে এই কিশোৰজনক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে। POCSO আইনৰ অধীনত এই কিশোৰজনক আদালতে এই শাস্তি বিহে।
উল্লেখ্য যে, এই কাণ্ড সংঘটিত হৈছিল ২০১৯ চনৰ ৬ মে’ত।এই গোচৰতে আদালতে ৰায় প্ৰদান কৰে। বৰ্তমান এই অভিযুক্তৰ বয়স ২২ বছৰ। আদালতত কিশোৰ ন্যায় বোৰ্ডে কিশোৰগৰাকীক এই শাস্তি প্ৰদান কৰাৰ লগতে ১লাখ টকাৰ জৰিমনাও বিহে।