বিগত কেইদিনমানৰ পৰা সমগ্ৰ দেশতে উত্তৰপ্ৰদেশৰ আলিগড় কাণ্ডৰ চৰ্চা চলি আছে। শাহুৱেক আৰু জোঁৱাইৰ প্ৰেম কাহিনীয়েই আলোচনাৰ মূল কাৰণ। দুয়োৰে পৰিয়ালে তেওঁলোকক পতিয়ন নিয়াবলৈ চেষ্টা কৰে যদিও সন্মত নহয়।
যেতিয়া এই বিষয়টো গৈ থানা পায়গৈ, তেতিয়া আৰক্ষীয়েও প্ৰথমে পৃথকে পৃথকে আৰু তাৰ পিছত একেলগে দুয়োকে পৰামৰ্শ দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে। কিন্তু দুয়োজনেই ইজনে সিজনক এৰিবলৈ সাজু নহয়। অৱশেষত আৰক্ষী আৰু পৰিয়াল দুয়োৱেই হাৰ মানি শাহুৱেক আৰু জোঁৱাইক একেলগে থাকিবলৈ এৰি দিয়ে। ইয়ালৈকে সকলো ঠিকেই আছিল কিন্তু তাৰ পিছতেই এই প্ৰেম কাহিনীটোত এজন খলনায়কৰ প্ৰৱেশ ঘটে। এই খলনায়কে দুয়োকে বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়ে। আমি আজি বিতংভাৱে জানিম এই খলনায়ক কোন আৰু তেওঁ কি ভাবুকি দিছে-
আচলতে ৬ এপ্ৰিলত মাদ্ৰক থানা এলেকাৰ অন্তৰ্গত মোহনপুৰা গাঁৱত এগৰাকী মহিলাই কন্যাৰ ভাবী স্বামীৰ সৈতে পলায়ন কৰে। ইফালে কন্যাই বিয়াৰ সপোন দেখি আছিল যদিও হঠাতে বিয়াৰ ১০ দিন পূৰ্বে মাকে হ’বলগীয়া জোঁৱাইক লৈ পলাই যায়। আকৌ বিয়াৰ দিনা ১৬ এপ্ৰিলত পলাই যোৱা শাহুৱেক আৰু জোঁৱাই ৰাহুলে আলিগড়ৰ দাদোন থানাত উপস্থিত হয়। ৰাহুলে জনোৱা মতে, আলিগড়ৰ পৰা পলাই যোৱাৰ পিছত দুয়োজনেই কাছগঞ্জ, বৰেলী, তাৰ পিছত বিহাৰৰ মুজাফ্ফৰপুৰ পায়গৈ, কিন্তু মোবাইলটো চুইচ অন কৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত নিজৰ ফটো আৰু খবৰ দেখি মই থতমত খায়। তাৰ পিছত তেওঁলোক দুয়োৱে সিদ্ধান্ত লৈ থানাত উপস্থিত হয়।
মহিলাগৰাকীয়ে কয় যে কন্যাৰ বিয়া ঠিক হোৱাৰে পৰা তেওঁৰ জোঁৱায়েকৰ লগত ঘনিষ্ঠতা বাঢ়িবলৈ ধৰিলে। পাৰিবাৰিক কন্দলৰ বাবে তেওঁ প্ৰায়ে অশান্তিত ভুগিছিল যাৰ বাবে জোঁৱায়েকৰ পৰা সেই মৰম আৰু বিশ্বাস পাই জোঁৱায়েকৰ সৈতে পলায়ন কৰে।
পিছে এতিয়া তেওঁলোক দুয়ো সন্মুখীন হৈছে নতুন ভাবুকিৰ। এই ভাবুকি কেৱল হত্যাৰ বাবেই নহয়, বোমা বিস্ফোৰণৰো। যাক লৈ এতিয়া তেওঁলোকৰ মাজত বিৰাজ কৰিছে তীব্ৰ উত্তেজনা। এই ভাবুকি সন্দৰ্ভত ইতিমধ্যে থানাত এজাহাৰ দাখিল কৰে লগতে প্ৰশাসনৰো সহায় বিচাৰে। আৰক্ষীয়ে বৰ্তমান এই বিষয়ত তদন্ত আৰম্ভ কৰিছে।