উত্তৰ প্ৰদেশৰ এখন সৰু গাঁৱৰ পৰা পোহৰলৈ আহিছে এক অতি চাঞ্চল্যকৰ গোচৰ। এয়া হলিউডৰ চিনেমাৰ কাহিনী নহয়, বৰঞ্চ বাস্তৱ জীৱনৰ এক ঘটনা। য’ত দুজন বন্ধুৱে পাৰস্পৰিক সন্মতিৰে নিজৰ পত্নীক বিনিময় কৰাৰ সিদ্ধান্ত লৈছিল।
প্ৰথম অৱস্থাত এয়া হয়তো ধেমালি বা লঘু কথা-বতৰা যেনই লাগিছিল, কিন্তু অতি সোনকালেই বিষয়টো ইমানেই জটিল আৰু বিতৰ্কিত হৈ পৰে যে স্থানীয় আৰক্ষীয়ে হস্তক্ষেপ কৰিবলগীয়া হয়। এই ঘটনাই কেৱল গাঁৱখনতে নহয় ছ’চিয়েল মিডিয়াতো চৰ্চা লাভ কৰিছে।
ঘটনাৰ বিৱৰণ অনুসৰি, লনী কাটৰা থানা এলেকাৰ লক্ষ্মণপুৰ গাঁৱৰ বাসিন্দা অনুপ যাদৱ আৰু পাপ্পু কোৰীয়ে আগতে আহমেদাবাদত কাম কৰিছিল। দুয়োজনে একেলগে বাস কৰিছিল আৰু এই সময়ছোৱাত তেওঁলোকৰ বন্ধুত্ব গভীৰ হৈ পৰিছিল। কিন্তু এই বন্ধুত্ব কেতিয়া পত্নী বিনিময়ৰ পৰ্যায় পালে কোনেও ভবা নাছিল। অনুপৰ পত্নীয়ে অভিযোগ কৰে যে, স্বামীয়ে তেওঁক বলপূৰ্বকভাৱে বন্ধু পাপ্পুৰ সৈতে থাকিবলৈ কয়। আনহাতে পাপ্পুৱে প্ৰতিঅভিযোগ কৰে যে অনুপে নিজৰ পত্নীক লগত লৈ তেওঁৰ ওচৰলৈ গৈছিল।
এই ক্ষেত্ৰত দুয়ো বন্ধুৱে এতিয়া ইজনে সিজনক প্ৰতাৰক বুলি কৈছে। অনুপৰ পত্নীয়ে কয় যে, বিয়াৰ দুবছৰৰ পিছত স্বামীয়ে তেওঁক মাতৃগৃহত এৰি থৈ আহিছিল আৰু উভতি অহাৰ পিছতে তেওঁক পাপ্পুৰ লগত থাকিবলৈ বাধ্য কৰাইছিল। আনহাতে পাপ্পুৱে আৰক্ষীক জনাইছে যে অনুপ তেওঁৰ অনুপস্থিতিত পত্নীৰ সৈতে অধিক ঘনিষ্ঠ হৈ পৰিছিল আৰু পত্নীক তেওঁৰ লগত থাকিবলৈ বাধ্য কৰাইছিল।
পশ্চিমীয়া দেশত ইয়াক Wife Swapping বা Swinging বুলি কোৱা হয়। তাত কিছুমান দম্পতীয়ে পাৰস্পৰিক সন্মতিৰে সংগীৰ বিনিময় কৰে। অৱশ্যে এই প্ৰথা এতিয়াও বিতৰ্ক আৰু সমালোচনাৰ বিষয় হৈ আছে। ভাৰতীয় সমাজত য’ত বিবাহক সাত জীৱনৰ বান্ধোন বুলি গণ্য কৰা হয়, তেনে প্ৰথা সামাজিক নীতি-নিয়ম ভংগ কৰাৰ দৰেই।