বিগত কিছুদিনৰ পৰা অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত মঙলবাৰে জম্মু-কাশ্মীৰৰ বৈষ্ণো দেৱী পথত হোৱা ভূমিস্খলনৰ ফলত এই পৰ্যন্ত ৩২ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। একে সময়তে ২০ জনতকৈ অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।
এই কৰুণ ঘটনাত এতিয়াও বহু লোক নিৰুদ্দেশ হৈ থকা বুলি প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে। ভূমিস্খলনৰ বাবে জম্মু-কাটৰা ঘাইপথ সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে। দ্ৰুতগতিত উদ্ধাৰ অভিযান চলাই আছে যদিও অবিৰত বৰষুণৰ বাবে উদ্ধাৰ অভিযানত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে।
ভয়ংকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সম্প্ৰতি বৈষ্ণো দেৱী যাত্ৰা বন্ধ হৈ পৰিছে।
একে সময়তে উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মীয়ৰ বাবে আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিছে। ইয়াৰ সমান্তৰালকৈ চৰকাৰে মৃতকৰ মৃতদেহ স্বগৃহলৈ অনাৰ ব্যৱস্থা কৰিব বুলিও জনাইছে।
ভূমিস্খলনৰ ফলত মৃত্যু হোৱা উত্তৰ প্ৰদেশৰ লোকসকলৰ আত্মীয়লৈ ৰাজ্য চৰকাৰে এককালীন আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথাও ঘোষণা কৰিছে। মৃতকৰ পৰিয়াললৈ ৪ লাখ টকা প্ৰদান কৰিব।